অসম

assam

By

Published : Dec 29, 2019, 10:09 AM IST

ETV Bharat / state

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধিতা নাথ যোগী ছাত্ৰ সন্থাৰ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ধ্বংসৰ বাবে একমাত্ৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোক সন্তুষ্ট কৰাৰ উদ্দেশ্যে ৰাজ্যিক কেবিনেটে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ অভিযোগ নাথ যোগী ছাত্ৰ সন্থাৰ ৷

Bongaigaon Nath yogi pressmet
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধীতা নাথ যোগী ছাত্ৰ সন্থাৰ

বঙাইগাঁও, 29 ডিচেম্বৰ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নামাকৰণৰ বাবে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত পুনবিবেচনা কৰাৰ লগতে নাথ যোগী সম্প্ৰদায়ৰ নামত 50 শতাংশ আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছে নাথ যোগী ছাত্ৰ সন্থাই ৷ গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰি কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধীতা নাথ যোগী ছাত্ৰ সন্থাৰ

সংগঠনটোৰ নেতৃত্বই ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ধ্বংসৰ বাবে একমাত্ৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোক সন্তুষ্ট কৰাৰ উদ্দেশ্যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা বুলি মন্তব্য কৰে ৷ সংগঠনটোৰ মতে অবিভক্ত গোৱালপাৰা জিলাত নাথ যোগী সম্প্ৰদায়ৰ 50 শতাংশ লোকে বসবাস কৰে যদিও জনগোষ্ঠীটোক সাংবিধানিক সুৰক্ষাৰ বাবে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৷ ছাত্ৰ সংগঠনটোৱে লগতে চৰকাৰে অঞ্চলটোৰ নাথ যোগী গৰিষ্টসংখ্যক লোকৰে আলোচনা নকৰাকৈয়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ অভিযোগ উত্থাপন কৰে ৷ চৰকাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ সন্দৰ্ভত পুনৰ বিবেচনা নকৰিলে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা সংগঠনটোৱে ৰাজ্যজুৰি গণ সমাৱেশ, ধৰ্ণা, অনশনৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

...view details