অসম

assam

ETV Bharat / state

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল

কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হ'ব আৰু কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব ৷

চিৰাং
বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল

By

Published : Dec 27, 2019, 12:31 AM IST


চিৰাং, 26 ডিচেম্বৰঃকোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হ'ব আৰু কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব ৷ এক সংবাদমেল যোগে এই কথা সদৰী কৰে কোঁচ ৰাজবংশী জাতীয় মহাসভাই ৷ বৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ কমতাপুৰ ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়, কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আগন্তুক জানুৱাৰী মাহত হ'ব লগা অসম বিধান সভাৰ অধিৱেশন আৰু সংসদৰ উভয় সদনৰ অধিৱেশনতে কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ কৰক আৰু বিটিচি আৰু ৰাভা হাচং পৰিষদ সংশোধন ঘটাই উক্ত পৰিষদৰ সীমামূৰীয়া কোঁচ ৰাজবংশী গাঁও সমূহ কৰ্তন কৰি, ধুবুৰীৰ পৰা শোণিতপুৰলৈ ষষ্ঠ অনুসূচিত কমতাপুৰ টেৰিটৰীয়েল (KTC) পৰিষদ গঠন কৰক ৷ তেতিয়াহে পৰিষদৰ অন্তৰ্গত কোঁচ ৰাজবংশী আৰু আন আন জাতি-জনজনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব ৷ তাৰোপৰি পৰিষদ খনত এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, সংগ্ৰহালয় (মিউজিয়াম), ভাষা, সাহিত্য, সংস্কৃতি চৰ্চা, গৱেষণা আৰু সম্প্ৰচাৰ কৰিবলৈ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ, খেলা ধূলাৰ বাবে 'ছাই'ৰ (Sports Authority of India) এটা শাখা, গুৱাহাটী আৰু নতুন দিল্লীত কমতাপুৰ ভৱন নিৰ্মাণ, জাতীয় শ্বহীদ সকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন শ্বহীদ উদ্যান, চিলাৰায় সেনাবাহিনী, বঙাইগাঁও জিলাত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয় অসম চৰকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব ৷ এই সমূহ গঠনৰ কথা উল্লেখ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে আন্তঃগাঁথনিহীন নামমাত্ৰ এখন পৰিষদ হ'ব বুলি উল্লেখ কৰে ৷

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details