চিৰাং, 23 জুলাই :বুধবাৰে বিয়লি ৫ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেলত বঙাইগাঁও জিলা উপায়ুক্তগৰাকীয়ে জনায় যে,বৰ্তমানে বঙাইগাঁও জিলাৰ মুঠ কোভিড পজিটিভ ৰোগীৰ সংখ্যা 320 গৰাকী,তাৰে ভিতৰত 121 গৰাকী ৰোগী বৰ্তমানে সক্ৰিয় আৰু 191 গৰাকী ৰোগী সুস্থ হৈ উঠাত ঘৰলৈ যাব দিয়া হৈছে । এতিয়ালৈকে এ.টি.এছ.পি.ৰ অধীনত মুঠ 8910 গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছে । জিলাখনত ৰেপিড এন্টিজেন টেষ্টো আৰম্ভ হৈছে ।এই পৰীক্ষাৰ যোগেদি আধা ঘন্টাৰ ভিতৰতেই কোভিড-19ৰ ফলাফল পাব পাৰি । বৰ্তমানে জিলাখনত মুঠ 974 জনক এই পদ্ধতিৰে পৰীক্ষা সম্পন্ন কৰা হৈছে ।
এতিয়ালৈকে বঙাইগাঁও জিলাৰ কোভিদ-19 পজিটিভৰ হাৰ হৈছে 1.4%,কিন্তু কেৱল জুলাই মাহৰ হাৰ হৈছে 2.3% । যোৱা 21 জুলাইলৈকে অসমৰ মুঠ কোভিড পজিটিভৰ হাৰ হৈছে 9.2% । বৰ্তমানে ভাৰতৰ কোভিড পজিটিভৰ হাৰ হৈছে 8.12% । এতিয়ালৈকে বঙাইগাঁও জিলাত হোৱা ৰেপিড এন্টিজেন টেষ্টৰ যোগেদি পোৱা কোভিড পজিটিভৰ হাৰ হৈছে 1.85% । বঙাইগাঁও জিলাৰ স্বাগত চিকিৎসালয়ত 12 জনকৈ লোক কোভিড আক্ৰান্ত হোৱাৰ তথ্য জনোৱাৰ লগতে দুসপ্তাহৰ ভিতৰত তালৈ যোৱা লোকক স্বেচ্ছাই আহি স্বাব পৰিক্ষা কৰাৰ আহ্বান জনায় । লগতে মায়াপুৰী ৰোড,ৰোলিং মেল বজাৰ,বড়ো বজাৰ,বিশাল মেগা মাৰ্ট আদিতো কেবাজনো কৈ লোক কোভিড-19ত আক্ৰান্ত পোৱাত সেইসমূহ স্থানৰ পৰা সাৱধানে থকাৰ আহ্বান জনোৱাৰ লগতে বিগত দুসপ্তাহত অহা যোৱা কৰা লোকসকলক নিজৰ পৰীক্ষা কৰাৰ আহ্বান জনায় ।
ড°এম এচ লক্ষ্মী প্ৰিয়াৰ সংবাদমেল বঙাইগাঁও জিলাত এইটো বৰ্ষত বৰ্তমানলৈকে 14 জনৰ দেহত এনকেফেলাইটিছৰ লক্ষণ পোৱা ৰোগীৰ ভিতৰত 9 জন জাপানীজ এনকেফেলাইটিছ পজিটিভ ৰোগী পোৱা গৈছে আৰু তাৰে ভিতৰত দুজন ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে ।
ইয়াৰ উপৰিও জিলাখনত বৰ্তমানেও বানপানীৰ সমস্যা বাহাল আছে । বৰ্তমানে জিলাখনত 27খন গাঁও বৰ্তমানেও বানৰ কৱলত আছে । মানিকপুৰৰ 16খন,সৃজনগ্ৰামৰ 8 খন আৰু বইটামাৰী ৰাজহ খণ্ডৰ 3 খন গাঁও বানৰ কৱলত পৰিছে । এই গাঁৱসমূহৰ মুঠ 4330.66 হেক্টৰ কৃষিভূমি বানৰ কৱলত আৰু 56939 গৰাকী লোক বানত আক্ৰান্ত হৈছে । বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সম্ভৱপৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । বৰ্তমানে মুঠ 14টা সাহাৰ্য শিৱিৰৰ যোগেদি বান সাহাৰ্য বিতৰন কৰি থকা হৈছে । এই সাহাৰ্য শিৱিৰবোৰত বৰ্তমান 2018 গৰাকী বানাক্ৰান্তই আশ্ৰয় লৈ আছে । বান সাহাৰ্য হিচাপে এতিয়ালৈকে মুঠ 8.598 কুইন্টল চাউল, 1.641 কুইন্টল দালি, 0.483 কুইন্টল নিমখ বিতৰণ কৰা হৈছে ৷ ইয়াৰ উপৰিও মুঠ পশু খাদ্য 688 কুইন্টল,তিৰপাল 350 খন এতিয়ালৈকে বিতৰন কৰা হৈছে ।
ড°এম এচ লক্ষ্মী প্ৰিয়াৰ সংবাদমেল জিলা উপায়ুক্তগৰাকীয়ে আৰু জনায় যে,এতিয়ালৈকে জিলাখনত বানপানীত দুজন লোকৰ মৃত্য হৈছে । সংবাদ মেল শেষ হোৱাৰ পিচত জামদোহাত আন এজন লোকৰ মৃত্যু হোৱাত এই সংখ্যা বৃদ্ধি হৈ তিনিজন হয়গৈ । জিলাখনৰ বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য সম্পৰ্কীয় দিশটো সামৰি লবলৈ মুঠ 5টা চিকিৎসা কৰ্মীৰ দল নিয়োগ কৰা হৈছে বুলিও সংবাদ মেলত জনায় বঙাইগাঁও জিলা উপায়ুক্তগৰাকীয়ে ।
ড°এম এচ লক্ষ্মী প্ৰিয়াৰ সংবাদমেল শেষতীয়াকৈ ৰাজ্য চৰকাৰে জাৰী কৰা নিৰ্দেশনা অনুসৰি আন্তঃজিলা যাতায়াত বন্ধ কৰা বুলিও জনায় । অৱশ্যে এই ক্ষেত্রত অত্যাৱশ্যকীয় সামগ্ৰী,চিকিৎসা সেৱা,নিয়মিত কাম কৰা লোকক ৰেহাই দিয়াৰ কথাও সংবাদমেলত জনায় উপায়ুক্তগৰাকীয়ে । চিৰাং আৰু বঙাইগাঁও জিলাৰ যিহেতু অতিকে লগালগি সেয়ে কিছু ক্ষেত্ৰত এৰাধৰাৰ কথাও জনায় । বঙাইগাঁও জিলাৰ চাৰিওদিশে থকা জিলা আৰক্ষীৰ নিয়মিত তহলদাৰী দলে তথা তালাচী চকীত অইন জিলাৰ পৰা অহা লোকৰ পাছ আদি পৰীক্ষা কৰিব বুলি সংবাদ মেলত জনায় জিলা উপায়ুক্তগৰাকীয়ে ৷
লগতে পঢ়কঃডিব্ৰুগড় আৰক্ষীত সংযোজন নতুন তহলদাৰী ব্যৱস্থা