অসম

assam

ETV Bharat / state

'চলো পাল্টাই' শেহতীয়াকৈ সৃষ্টি কৰিছে নতুন বিৰ্তকৰ - chirang

ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে বহি:ৰাজ্যৰ পৰাই অসমত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচিছে তথাকথিত স্বয়ম্ভু বঙালী নেতাই ।

'চলো পাল্টাই' শেহতীয়াকৈ সৃষ্টি কৰিছে নতুন বিৰ্তকৰ

By

Published : May 31, 2019, 12:02 AM IST

চিৰাং,৩০ মে' : 'চলো পাল্টাই' শেহতীয়াকৈ অসমত নতুন বিৰ্তকৰ সূচনা কৰিছে । ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভাৱে বহি:ৰাজ্যত বহিয়ে অসমত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচিছে তথাকথিত স্বয়ম্ভু বঙালী নেতাই । বৰ্তমান দিল্লীত থকা কলিকতাৰ চন্দন চেৰ্টাজী ,গুৱাহাটীৰ শান্তনু মুখাৰ্জী, লগতে কলিকতাৰ গাৰ্গী চেৰ্টাজী এই তিনিওজনে দিল্লীৰ পৰাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে । ভাষাৰ নামত অসমত বিভাজনৰ সৃষ্টিৰ চেষ্টা চলাইছে । এই তিনিজন স্বয়ম্ভু নেতাই দিল্লীত বহি সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে লাইভ কৰিছিল ২০ মে' তাৰিখে । বৃহস্পতিবাৰে সেই সকল স্বয়ম্ভু নেতাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন । লগতে ভাষাক লৈ শান্তিৰ অসমত অশান্তিৰ সৃষ্টি কৰিলে বিষম পৰিস্থিতি হ'ব বুলিও সংগঠনটোৱে সকিয়াই দিয়ে ।

'চলো পাল্টাই' শেহতীয়াকৈ সৃষ্টি কৰিছে নতুন বিৰ্তকৰ

ABOUT THE AUTHOR

...view details