বঙাইগাঁও,14 জানুৱাৰী:বঙাইগাঁৱৰ এগৰাকী চিত্ৰশিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস ৷ মাঘৰ উৰুকাৰ দিনা চিত্ৰ অংকণ কৰি পোৱা ধন আৰু চ'চিয়েল মিডিয়াযোগে ধন সংগ্ৰহ কৰি বানপানীত গৃহহাৰা হোৱা ৰাইজৰ কাষত থিয় দিলে শিল্পীগৰাকীয়ে ৷ চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ কাষত সহায়ৰ বাবে ঠিয় দিলে শিল্পী ধনঞ্জয় ৰায়ে ৷
বন্যাৰ্তক সাহায্য প্ৰদান কৰি ভোগালী উদযাপন বঙাইগাঁৱৰ শিল্পীৰ - আই নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা লোক
ভোগৰ উৎসৱ ভোগালী। এই উৎসৱটি বিভিন্নজনে বিভিন্ন ধৰণে উৎযাপন কৰে। তাৰ মাজতে বঙাইগাঁৱৰ এগৰাকী শিল্পীয়ে ব্যতিক্ৰমী প্ৰয়াসেৰে উৎযাপন কৰিলে ভোগালী বিহু। জিলাখনৰ চিত্ৰশিল্পী ধনঞ্জয় ৰায়ে বন্যাৰ্তক সাহায্য প্ৰদান কৰি উদযাপন কৰিলে ভোগালী বিহু।
বঙাইগাঁৱৰ এগৰাকী শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস
উল্লেখ্য যে, বানপানীত গৃহহাৰা হোৱা ৰাইজৰ বাবে চ'চিয়েল মিডিয়াযোগে ধন সংগ্ৰহ কৰিছিল চিত্ৰশিল্পীগৰাকীয়ে ৷ নিজ হাতেৰে ছবি আঁকি সেই ছবি বিক্ৰী কৰি পোৱা ধনেৰে বঙাইগাঁও জিলাৰ জামদহা গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰে চিত্ৰশিল্পীগৰাকীয়ে ৷ জামদহাৰ শিবিৰত থকা মুঠ 30 টা পৰিয়ালৰ মাজত বিতৰণ কৰিলে ঠাণ্ডা কাপোৰৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী ৷ শিল্পীগৰাকীৰ এই কাৰ্যক প্ৰসংশা কৰিলে স্থানীয় ৰাইজে ৷