চিৰাং, 21 এপ্ৰিলঃ অগপ-বিজেপি মিত্ৰজোঁটক ভোটদান নকৰাৰ আহ্বান অগপ তৃণমূল কৰ্মীৰ । দেওবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াসকলে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়ে ভোটদান নকৰাৰ আহ্বান জনায় বিষয়ববীয়াসকলে । তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়েই পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ পৰা ওলাই আহি পাচত আকৌ কেইজনমান নেতাৰ মইমতালিত বিজেপিৰ সৈতে মিত্ৰতা আমি মানি নলওঁ বুলিও মন্তব্য কৰে অগপ তৃণমূল বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্তই ।
24 এপ্ৰিলৰ পৰা ভংগ হ'ব ৰাজ্যৰ অগপ জিলা সমিতি - cast vote
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়ে ভোটদান নকৰাৰ আহ্বান জনাই বিষয়ববীয়াসকলে । তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়েই পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ পৰা ওলাই আহি পাচত আকৌ কেইজনমান নেতাৰ মইমতালিত বিজেপিৰ সৈতে মিত্ৰতা আমি মানি নলওঁ বুলিও মন্তব্য কৰে অগপ তৃণমূল বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্তই ৷
২৪ এপ্ৰিলৰ পৰা ভংগ হ'ব ৰাজ্যৰ অগপ জিলা সমিতি
আনহাতে, যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা সকলক পৰাজিত কৰি অসম আৰু অসমীয়াক ৰক্ষা কৰাৰ আহ্বান জনায় সংবাদ মেলত উপস্থিত থকা তৃণমূল পৰ্যায়ৰ বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্ত, বিনোদ দলে, সৰশ্বতী দাস, ৰাজু মহন্ত, জহিৰুল আহমেদ আৰু দিপ্তি দাসৰ ছয় জনীয়া দলেটোৱে । লগতে এই দলটিয়ে সমগ্ৰ অসমৰ অগপ জিলা সমিতি সমূহ ভংগ কৰাৰ চেষ্টা কৰিব বুলিও মন্তব্য কৰে ।
Last Updated : Apr 21, 2019, 9:52 PM IST