চিৰাং, ২৬ ফেব্ৰুৱাৰী:বঙাইগাঁও জিলাৰ অসম গণ পৰিষদত মোক্ষম আঘাত । অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিক নিজ হাতত ৰখা বিধায়ক ফণীভূষণ চৌধুৰীৰ সংগ এৰিলে তেওঁৰ ঘনিষ্ঠ দিপু চৌধুৰীয়ে । অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান নেতাগৰাকীৰ ।
বঙাইগাঁও জিলাৰ টেঙাইগাঁৱত আয়োজিত যোগদান কাৰ্যসূচীত বঙাইগাঁও পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিপু চৌধুৰীয়ে যোগদান কৰে আঞ্চলিক দলটোত । অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই দললৈ স্বাগতম জনায় নেতাগৰাকীক ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কৰ্মীসকলে এক বাইক ৰেলীৰে আদৰি আনিলে দিপু চৌধুৰীক ।
বঙাইগাঁৱত ফণীভূষণৰ ঘনিষ্ঠৰ যোগদান অসম জাতীয় পৰিষদত ইফালে অগপ দলৰ বিভিন্ন সিদ্ধান্তকলৈ অসন্তুষ্ট হৈ দল ত্যাগ কৰা বুলি সাংবাদিকৰ আগত জনালে দিপু চৌধুৰীয়ে । আগন্তুক দিনত সমষ্টিটোৰ পৰা অগপ লগতে ফণীভূষণ চৌধুৰীক ওফৰাবলৈ সক্ষম হ'ব বুলিও আশাবাদী নেতাগৰাকী ।
তেওঁৰ যোগদানৰ লগে লগে এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে যে আহি থকা নিৰ্বাচনত সমষ্টিটোত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব দিপু চৌধুৰীয়ে । যোগদান কাৰ্যসূচীত সমষ্টিটোৰ প্ৰায় ৭০০ গৰাকী লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ।
লগতে পঢ়ক:আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?