অসম

assam

ETV Bharat / state

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষীৰ 52 পদৰ বাবে পৰীক্ষা - বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বৰ্ড

মঙলবাৰে চিৰাঙত অনুষ্ঠিত হয় বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা ৷ উল্লেখিত পদৰ বাবে বিটিচিৰ প্ৰায় 8 হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছিল ৷

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা

By

Published : Oct 22, 2019, 10:40 PM IST

চিৰাং, 22 অক্টোবৰঃবিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে ৷ মঙলবাৰে বড়োলেণ্ড চেন্ট্ৰেল চিলেকচন বৰ্ডৰ অধীনত বন বিভাগৰ উদ্যোগত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ৷ অহা তিনিদিনলৈ চিৰাং,বাক্সা,ওদালগুৰি আৰু কোকৰাঝাৰত পৃথকে পৃথকে অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা ৷ উল্লেখিত পদৰ বাবে বিটিচিৰ প্ৰায় 8 হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছিল ৷ আবেদনকাৰী প্ৰাৰ্থীসকলৰ মঙলবাৰে শাৰিৰীক যোগ্যতাৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'বলগীয়া হয় ৷

চিৰাঙত বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী কৰ্মীৰ 52 পদৰ বাবে পৰীক্ষা

মঙলবাৰে অনুষ্ঠিত শাৰিৰীক যোগ্যতা পৰীক্ষাত যুৱকসকলে 26 কিঃমিঃ আৰু যুৱতী সকলে ১৬ কিলোমিটাৰ পথ দৌৰি যোগ্যতা অৰ্জন কৰিব লাগে ৷ বিজনীত অনুষ্ঠিত শাৰিৰীক যোগ্যতা পৰীক্ষাত বৰ্ডৰ কেইবাজনো সদস্যৰ লগতে চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰি উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details