অসম

assam

ETV Bharat / state

Constituency Delimitation : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মিছা মাতিছে এবছু-বড়ো সাহিত্য সভাই; বড়ো যৌথ মঞ্চৰ অভিযোগ - bodo writers academy

এবছু-বড়ো সাহিত্য সভাই সমষ্টি পুনৰ গঠনক লৈ কোনো স্মাৰক-পত্ৰ দিয়া নাই নিৰ্বাচন আয়োগক । ষষ্ঠ অনুসূচী মতে গঠিত বিটিচিৰ ১৫ টা বিধানসভা আৰু দুটা লোকসভা সমষ্টি জনজাতি কৰাৰ দাবী বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ । চিৰাঙৰ কাশিকত্ৰাত সংবাদমেল পাতি এই দাবী কেবাটাও বড়ো সংগঠনৰ ।

Bodo Organisations on Delimitation
Bodo Organisations on Delimitation

By

Published : Jul 22, 2023, 6:27 PM IST

আছু-এবছুক সমালোচনা বড়ো সংগঠনৰ উমৈহতীয়া মঞ্চৰ

চিৰাং, ২২ জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ক লৈ চিৰাঙৰ কাশিকত্ৰাত কেইবাটাও বড়ো সংগঠনৰ উমৈহতীয়া মঞ্চই এক সংবাদমেল সম্বোধন কৰে । সদৌ বড়ো পিপ'লছ কমিটী ফৰ ডিলিমিটেচন, বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চ, বড়ো লেখক সমাজ, ছাত্ৰ সংগঠন বনছুকে আদি কৰি কেইবাটাও সংগঠনে এই সংবাদমেলৰ আয়োজন কৰে । বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি দীননাথ বসুমতাৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত বিটিচি চুক্তি হৈছিল । বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ ৩৫ টা জনজাতিৰ বাবে সংৰক্ষিত ।

সেই অনুসৰি ইয়াৰ সকলো বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত হ'ব লাগে । যিহেতু বিটিচি চুক্তিৰ সময়ত সমষ্টি পুনৰ গঠন হোৱা নাছিল, সেয়ে যেতিয়া হ'ব তেতিয়াই ইয়াৰ প্ৰতিটো বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত হ'ব লাগিব বুলি তেওঁ কয় । সেই অনুসৰি ১৫ টা বিধানসভা সমষ্টিয়ে জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায় মঞ্চই । লগতে বিটিচিতো দুটা লোকসভা সমষ্টি কৰি দুয়োটায়ে জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায় । ইতিমধ্যে এই বিষয়ক লৈ মঞ্চই ভাৰতৰ নিৰ্বাচন আয়োগক স্মাৰক-পত্ৰ দিয়াৰ উপৰি সাক্ষাতো কৰা বুলি উল্লেখ কৰে ।

কিন্তু তাৰ পিচতো মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমষ্টি পুনৰ গঠনৰ খচৰা তালিকা অন্যায়ভাৱে প্ৰকাশ কৰা বুলি অভিযোগ কৰে । আনহাতে, এই বিষয়ত ৰাষ্ট্ৰপতিকো সাক্ষাত কৰি স্মাৰক-পত্ৰ প্ৰদান কৰা বুলি মঞ্চৰ তৰফ পৰা জনায় । লগতে ৰাষ্ট্ৰপতিয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও জনায় মঞ্চৰ কাৰ্যকৰী সভাপতি দীননাথ বসুমতাৰীয়ে ।

তেওঁ লগতে কয় যে বিটিচিৰ একাংশ দল-সংগঠনে নুবুজাকৈয়ে ভাৰতীয় সংবিধানে দিয়া অধিকাৰ লোৱাৰ ক্ষেত্ৰত চেষ্টা চলাই থকা বিষয়টোত বাধাৰ সৃষ্টি কৰিছে । গতিকে সমষ্টি পুনৰ গঠন সাংবিধানিক মতে নহ'লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও সংবাদমেলত জনায় ।

সংবাদমেলত বড়ো লেখক সমাজৰ (বড়ো ৰাইটাৰ্ছ একাডেমী) সভাপতি ৰাজেন বসুমতাৰীয়ে কয় যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ গঠনৰ খচৰা সাংবিধানিক মতে প্ৰকাশ কৰা নাই । তাৰ বাবে কেইবাটাও বড়ো দল-সংগঠনে বিভিন্ন ঠাইত স্মাৰক-পত্ৰ দিয়াৰ লগতে সাক্ষাৎ কৰি ইয়াৰ বিৰোধিতা কৰি সাংবিধানে দিয়া অধিকাৰৰ ভিত্তিত চেষ্টা চলাই যোৱা বুলিও কয় ।

কিন্তু একাংশ বড়ো জাতীয় সংগঠনে এই বিষয়ে ৰাইজক ঠগাই বিভিন্ন কাম কৰাৰ কথা কয় । যোৱা ২০ জুলাইত ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ গঠন সন্দৰ্ভত আপত্তি দৰ্শোৱা বিভিন্ন দল-সংগঠনক শুনানিৰ বাবে মাতিছিল । কিন্তু তাত জাতীয় সংগঠন বড়ো সাহিত্য সভা আৰু এবছুৰ কৰ্মকাণ্ডক লৈ লাজ পোৱা বুলিও উল্লেখ কৰে ।

কাৰণ সমষ্টি পুনৰ গঠনৰ বিষয়ক লৈ তেওঁলোকে পূৰ্বতে নিৰ্বাচন আয়োগক কোনো স্মাৰক-পত্ৰ নিদিয়াকৈ ৰাইজক বিপথে পৰিচালিত কৰি নিৰ্বাচন আয়োগৰ আগত দহটা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টি জনজাতিকৰণৰ বিষয়টো উত্থাপনৰ লগে লগে নিৰ্বাচন আয়োগে স্পষ্টকৈ জনায় যে পূৰ্বতে তেওঁলোকৰ পৰা কোনো আপত্তি লাভ কৰা নাছিল । গতিকে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ লগতে নিৰ্বাচন আয়োগৰ সন্মুখত এবছু-বড়ো সাহিত্য সভাৰ মিথ্যাচাৰ ধৰা পৰা বুলিও উল্লেখ কৰে ।

গতিকে মঞ্চই দাবী কৰে যে জাতীয় সংগঠন দুটাই ইমান দিনে সমষ্টি পুনৰ গঠনক লৈ জনসাধাৰণক বিপথেহে পৰিচালিত কৰি আছিল । কিয়নো তেওঁলোকে সমষ্টি পুনৰ গঠনৰ খচৰা প্ৰকাশৰ দিনা আনন্দ কৰাহে দেখিবলৈ পোৱা গৈছিল বুলি সংবাদমেলত জনায় বড়ো ৰাইটাৰ্ছ একাডেমী সভাপতি ৰাজেন বসুমতাৰীয়ে ।

তেওঁ লগতে কয় যে জাতীয় সংগঠনৰ নামত ৰাইজক বিপথে পৰিচালিত কৰি আছে দুয়োটা সংগঠনৰ নেতৃত্বই । বিটিআৰ চুক্তিৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে বিটিচি চুক্তিৰ জৰিয়তে লাভ কৰা বহু ক্ষমতা অসম চৰকাৰক ঘূৰাই দিলে । ইয়াৰ ফলত বড়ো জাতিৰ বাবে বহু ক্ষতি হ'ল বুলি কয় । বৰ্তমান সমষ্টি পুনৰ গঠনক লৈ তেওঁলোকে বাধাৰ সৃষ্টি কৰি আছে বুলিও কয় । ভাৰতীয় সংবিধানে দিয়া অধিকাৰহে বিচৰা বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত বিটিচিৰ বড়োসকলৰ উন্নয়নৰ বাবে বহু ভাল কাম হ'ব ।

কিন্তু জাতীয় সংগঠনৰ নেতৃত্বত থাকিও এইবোৰ কথা বুজি নোপোৱাকৈ অসম চৰকাৰৰ কথামতে চলাটো বৰ দুৰ্ভাগ্যজনক বুলিও কয় । শুকুৰবাৰে বিয়লি ৪ বজাত আয়োজিত সংবাদমেলত বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক চিনেন বসুমতাৰী, সদৌ বড়ো পিপ'লছ কমিটী ফৰ ডিলিমিটেচনৰ সদস্য শ্যামলাই নাৰ্জাৰীৰ লগতে চিৰাং জিলা সমিতি বনছুৰ সভাপতি ইন্দ্ৰজিত ব্ৰহ্মও উপস্থিত থাকে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে; ড০ নগেন শইকীয়া

ABOUT THE AUTHOR

...view details