চিৰাং, 28 জুলাই: পুনৰ পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীত প্ৰতিবাদমুখৰ বনছু (BNSU protest in Chirang)। বুধবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বড়ো নেচনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ উদ্যোগত বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বনছুৰ সদস্যসকলে (Demanding declaration of Bodoland as a separate state)।
সোণকোষৰ পৰা সদিয়ালৈ সাঙুৰি পৃথক ৰাজ্য বড়োলেণ্ড গঠন কৰা, কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত বসবাস কৰা বড়োসকলক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ভাৰতীয় সেনাত বড়ো ৰেজিমেণ্ট খোলা, ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি খিলঞ্জীয়া লোকৰ অধিকাৰ প্ৰদান কৰা আদি দাবীত চিৰাঙৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ কেইবাটাও দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।