চিৰাং,৭ মে': চিৰাঙত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় ব্লাডবেংক । ২০০৩ চনত জিলা গঠন হোৱাৰে পৰা জিলাখনত নাছিল ব্লাডবেংক । জিলা সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিটিৎসালয়ত স্থাপন কৰা হয় এই ব্লাডবেংক । বৃহস্পতিবাৰে চিৰাং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ৰাতুল বৰুৱাই আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্ধোধন কৰে ব্লাডবেংকটোৰ ।
চিৰাঙত জেএচবি অসামৰিক চিকিৎসালয়ত ব্লাডবেংক মুকলি - কৰ'ণা ভাইৰাছ
বৃহস্পতিবাৰে চিৰাঙৰৰ জেএচবি অসামৰিক চিটিৎসালয়ত স্থাপন কৰা হয় ব্লাডবেংক । ২০০৩ চনত জিলা গঠন হোৱাৰে পৰা জিলাখনত নাছিল ব্লাডবেংক ।
উল্লেখ্য যে, কৰ'ণা ভাইৰাছকলৈ চলি থকা যুদ্ধংদেহি পৰিৱেশৰ মাজতে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিলে ব্লাডবেংকটোৰ । সমগ্ৰ জিলাত কোনো ব্লাডবেংক নথকাত স্বাস্থ্যবিভাগ অন্য জিলাৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল । আনহাতে, ব্লাডবেংকটোৰ আৰম্ভনি অনুষ্ঠানত তিনি জন লোকে স্বেচ্ছাই ৰক্তদান কৰে ।
ব্লাডবেংকটোৰ উদ্ধোধনী অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে । আজিৰে পৰা ৰক্তদান শিবিৰৰ আয়োজন কৰা চিৰাং জিলাৰ বিভিন্ন অনুষ্টান প্ৰতিষ্ঠান তথা লোকে স্বনিৰ্ভৰশীল হোৱা বুলি জনায় জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৰাতুল বৰুৱাই । আজিৰে পৰা যিকোনো সময়ত যিকোনো লোকে কাজলগাঁৱত ৰক্তদান কৰিব পাৰিব সদৰি কৰে ।