চিৰাং, 5 নৱেম্বৰ: "আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব । বিজেপি,কংগ্ৰেছ,গণ সুৰক্ষা পাৰ্টী কাৰো কাম নাই ৷ বিপিএফৰ সভা সমিতি সমুহৰ পৰাই বুজা যায় যে আমি আশা কৰাতকৈ অধিক আসন লাভ কৰিম"। বুধবাৰে চিৰাঙৰ বাসুগাঁও ধান বজাৰত অনুষ্ঠিত বিপিএফ দলৰ 13 নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী তথা এন ডি এফ বিৰ প্ৰাক্তন সভাপতি ছাইকং বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ লগতে মহিলাৰীয়ে মন্তব্য কৰে যে,"বিজেপিয়ে হিন্দু বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে ৷ এই কথা বুজি পোৱাৰ বাবেই বঙালী সকলে এতিয়া বিজেপি এৰিবলৈ আৰম্ভ কৰিছে" ৷
বিজেপিয়ে হিন্দু বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছেঃ হাগ্ৰামা মহিলাৰী - BJP using hindu bengali as their vote bank
লগতে বিটিচি গঠন হোৱা সময়ৰে পৰা বিটিচিত থকা সকল বিটিচিৰ বাসিন্দা বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ ভিত্তিতেই বিটিচিবাসী লোকৰ মাজত ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷
![বিজেপিয়ে হিন্দু বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছেঃ হাগ্ৰামা মহিলাৰী BJP using hindu bengali as their vote bank: Hagrama Mohilari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9436460-420-9436460-1604551353377.jpg)
আনহাতে বিটিচি গঠন হোৱা সময়ৰে পৰা অৰ্থাৎ 2003 চনৰ পৰা বিটিচিত থকা সকল বিটিচিৰ বাসিন্দা বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ ভিত্তিতেই বিটিচিবাসী লোকৰ মাজত ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান গৰাকীৰ ৷ সময়ত সকলো জাতী জনগোষ্ঠীৰ লোকেই ভূমিপট্টা লাভ কৰিব বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ উল্লেখ্য যে,উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম,বিপিএফৰ ষ্টাৰ কেম্পেইনাৰ অভিনেতা বিপুল ৰাভা,মনোজ দাস সহ বহু কেইজন বিপিএফৰ নেতা ৷
লগতে পঢ়কঃ জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক