চিৰাং, 29 নৱেম্বৰ :১৩ নং চিৰাং পৰিষদীয় সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী অলক বসুমতাৰীৰ হৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিমোৰত পৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ কাৰণ নিৰ্বাচনী সভাখনত উপস্থিত থাকে মাত্ৰ কেইজন সমৰ্থক । উপায়ন্ত হৈ কম সংখ্যক সমৰ্থকৰ সন্মুখতে ভাষণ প্ৰদান কৰিবলৈ বাধ্য হয় মন্ত্ৰীগৰাকী ৷
নিৰ্বাচনী সভাখনত ভাষণ প্ৰদান কৰি মন্ত্ৰী শুক্লবৈদ্যই এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । তেওঁ সভাত বিগত সোতৰ বছৰত বিপিএফ দলে বিটিচিৰ উন্নয়নৰ ধন লুটি-পুটি খালে বুলি উল্লেখ কৰি বিপিএফ নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বিপিএফ দলক পুনৰ এই সুবিধা দিয়া নহ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগাৰীয়ে ৷ তেওঁ লগতে বিজেপিৰ শাসনত বিটিচি অঞ্চলত সকলো জাতি-জনগোষ্ঠীৰে সম উন্নয়ন হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান আৰু আত্মসহায়ক গোট সমূহক আৰ্থিক পেকেজ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ।