অসম

assam

ETV Bharat / state

কোকৰাঝাৰ লোকসভা সমষ্টিত দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিটিচিত কংগ্ৰেছ ভাঙোনমুখী হ'ব - বিশ্বজিত ৰায় - pressmeet

চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিশ্বজিত ৰায়ৰ

চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিশ্বজিত ৰায়ৰ

By

Published : Mar 15, 2019, 11:19 PM IST

চিৰাং,15 মাৰ্চ : চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ৰ ৷ চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সুজিত কুমাৰ দাসে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাচত বিশ্বজিত ৰায়ক দায়িত্বভাৰ প্ৰদান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিশ্বজিত ৰায়ৰ

শুকুৰবাৰে জিলাখনৰ বিজনী চহৰস্থিত বড়ো বজাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয় কমলা ভৱনত জিলা কংগ্ৰেছৰ উপ- সভাপতি আবুল হাছেম মিঞাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত চিৰাং জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে বিশ্বজিত ৰায়ে ৷

সভাত চিৰাং জিলা সংখ্যালঘু কোষৰ সভাপতি বাহাৰুল ইছলাম, চিৰাং জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছাহিদা খাতুন, বড়ো বাজাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আবু তালেব শিকদাৰো উপস্থিত থাকে ৷

বিপিএফ আৰু নৱ কুমাৰ শৰণীয়াক আক্ৰমণৰ লক্ষ্য কৰি এইবাৰ বিপিএ়ফৰ প্ৰাৰ্থীয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ ভোটতকৈ কম ভোট পাব বুলি সংবাদমেল সম্বোধন কৰি কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ কেৱল এয়াই নহয়,বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে বিটিচি চুক্তি পুনৰীক্ষণ আৰু অবড়ো অধ্যুষিত গাঁও কৰ্তনৰ দাবীৰে নিৰ্বাচিত হৈছিল যদিও এইবাৰ ৰাইজে তেওঁৰ মিথ্যাচাৰৰ উত্তৰ দিব বুলিও কয় ৰায়ে ৷ একেদৰে বিগত পাঁচ বছৰত সাংসদ নৱ কুমাৰ শৰণীয়াই কেৱল নলবাৰী জিলাত উন্নয়নৰ কাম কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিশ্বজিৎ ৰায়ে ৷

আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আশাবাদী বিশ্বজিত ৰায় ৷ হাইকমাণ্ডে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিটিচিত কংগ্ৰেছ ভাঙোণমুখি হ'ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিশ্বজিৎ ৰায়ে ৷


For All Latest Updates

ABOUT THE AUTHOR

...view details