অসম

assam

ETV Bharat / state

বাইক চোৰক আদৰণি বিজনী আৰক্ষীৰ - নাৰী দেহ ব্যৱসায়ী

বিজনীত হাতে-লোটে ধৰা পৰিল বাইকচোৰ । পিছে, বাইক চোৰক বিজনী আৰক্ষীয়ে জনালে আদৰণি, নপৰিলে কোনো লপা-থপা ।

বাইকচোৰক আদৰণী বিজনী আৰক্ষীৰ

By

Published : Jun 19, 2019, 5:23 AM IST

Updated : Jun 19, 2019, 9:22 AM IST

চিৰাং,19 জুনঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বিজনী ৰাতিৰাম ৰোডৰ বাসিন্দা দিপু বৰাৰ নিজ বাসগৃহৰ বাহিৰৰ পৰা দিনৰ পোহৰতে চোৰে কৌশলেৰে চুৰি কৰিছিল AS-26A-1876 নম্বৰৰ হিৰো গ্লেমাৰ বাইকখন ৷ উক্ত সময়ছোৱাত ৰাইজে চোৰটোক বাইকখন লৈ যোৱা দেখি চোৰৰ পিছে পিছে পহু খেদা দি বিজনী দুতুৰীৰ খানপাৰাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । ধৃত চোৰটো দুতুৰীৰ বাসিন্দা ৱাজেদ ছিকদাৰৰ পুত্ৰ মকিবুৰ ছিকদাৰ বুলি জানিব পৰা গৈছে।

বাইকচোৰক আদৰণী বিজনী আৰক্ষীৰ

পিছে বাইকৰগৰাকী দিপু বৰাই বাইক চোৰজনক দেখা পাইহে লাগিল কেনা । কাৰণ দিপু বৰা পেচাত এজন শিক্ষক আৰু চোৰজন এসময়ত আছিল দিপু বৰাৰ ছাত্ৰ । ইয়াৰ পাচতে চোৰজনক চাবলৈ স্থানীয় লোকৰ মাজত লাগিল হেতা-ওপৰা । পিছে দিপু বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰ জনক জনালে উষ্ম আদৰণি; নপৰিলে কোনো লপাথপা ।

উল্লেখ্য যে চোৰ মকিবুৰৰ বিৰুদ্ধে বিজনী আৰক্ষী থানাত পূৰ্বৰে পৰা আছে কেইবাটাও গোচৰ । মোবাইল চুৰি, নাৰী দেহ ব্যৱসায়,বাইক চোৰ, ধৰ্ষণ কাণ্ড আদিৰ দৰে কেইবাটাও গোচৰত অভিযুক্ত মকিবুৰ । ধৃত মকিবুৰে 22 বছৰ বয়সতে 2 বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে ৷ কিন্তু, তিনিবাৰকৈ ৰঙা ঘৰৰ আলহী হোৱাৰ পিছতো নিজৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে মকিবুৰে ৷

Last Updated : Jun 19, 2019, 9:22 AM IST

ABOUT THE AUTHOR

...view details