অসম

assam

By

Published : Sep 7, 2019, 11:40 PM IST

Updated : Sep 8, 2019, 8:30 AM IST

ETV Bharat / state

সুধাকণ্ঠৰ ওপজা দিন;ঝংকাৰ নাৰ্জাৰীলৈ সমন্বয় বঁটা

ভূপেনদা বিহীন 8টাকৈ বছৰ অতিক্ৰম কৰা অসমবাসীয়ে তেওঁক স্মৰণ কৰিবলৈ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। এই অনুযায়ী ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও হাতত লোৱা হৈছে ব্যাপক কাৰ্যসূচী।

বিজনীত উদযাপন সুধাকন্ঠৰ ৯৩ সংখ্যক জন্ম জয়ন্তী

চিৰাং,8চেপ্তেম্বৰঃসুধাকণ্ঠৰ ৯3 সংখ্যক ওপজা দিন উপলক্ষে আজি সজাই-পৰাই তোলা হৈছে জালুকবাৰীৰ সমাধিক্ষেত্ৰ। ভূপেনদা বিহীন 8টাকৈ বছৰ অতিক্ৰম কৰা অসমবাসীয়ে তেওঁক স্মৰণ কৰিবলৈ ভিন্ন প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। এই অনুযায়ী ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও হাতত লোৱা হৈছে ব্যাপক কাৰ্যসূচী। বিশ্ব বন্দিত শিল্পীগৰাকীৰ গীত গাই যুগজয়ী শিল্পীগৰাকীক সুঁৱৰিব।

বিজনীত উদযাপন সুধাকন্ঠৰ ৯৩ সংখ্যক জন্ম জয়ন্তী

"বুঢ়া লুইতৰ পাৰত ৰাইজক জগাবলৈ ক্ষোভ উজাৰি মানুহক নৈতিকতা আৰু মূল্যবোধৰ ভূপেন হাজৰিকাই শিক্ষা দিছিল ৷ সুধাকন্ঠই উঠি অহা প্ৰজন্ম যাতে নৈতিকতাৰ শিক্ষাৰে আগুৱাই আহি বিশ্বৰ আগত কুমলীয়া ল'ৰা-ছোৱালী বোৰক জাগ্ৰত কৰিবলৈ ভূপেন হাজৰিকাই যত্ন কৰিছিল ৷" এই মন্তব্য মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ ৷ চিৰাঙৰ বিজনী মহাবিদ্যালয়ত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত সুধাকন্ঠ ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্ম জয়ন্তী অৰ্থাৎ "সমন্বয় দিৱস"ৰ মুকলি সভাত অংশ লৈ এনেদৰে মন্তব্য কৰে গোস্বামীয়ে ৷ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু বিজনী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত সমন্বয় দিৱসৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে হৃষীকেশ গোস্বামী ৷

৷ আনহাতে, অনুষ্ঠানত প্ৰখ্যাত ভাস্কৰ্য শিল্পী ড0 জনক ঝংকাৰ নাৰ্জাৰীক 'গৌৰাং ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সমন্বয় বঁটা' প্ৰদান কৰা হয় ৷ সভাত ন্যাসৰ সভাপতি ড0 মংগল সিং হাজোৱাৰী, মনীষা হাজৰিকা, মঞ্জলা হাজৰিকা, বিধায়ক কমলসিং নাৰ্জাৰী, ড0 বীৰহাসগিৰি বসুমতাৰী সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে, অনুষ্ঠানত বিশিষ্টি ব্যক্তিৰ দ্বাৰা 93 খন পতাকা উত্তোলন কৰাৰ উপৰিও বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ক বিষ্ণু কমল বৰুৱাই ৷

সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড° হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় ‘সংগীত নাটক একাডেমী বঁটা’ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।

২০১৯ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।

Last Updated : Sep 8, 2019, 8:30 AM IST

ABOUT THE AUTHOR

...view details