অসম

assam

ETV Bharat / state

আদৱানীয়ে যদি পায়, কিয় নাপাই হিন্দু বঙালীয়ে!

পূজাৰ পাচতে অসমৰ বিভিন্ন বঙালী সংগঠনক একত্ৰিত কৰি সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচন শক্তিশালী ৰূপে গঢ়ি তুলিব ।  ফেডেৰেচনৰ পৰা ফালৰি কাটি গৈ গঠন কৰা সকলো সংগঠন একগোট কৰাৰ কথাও জনায় সভাপতি মণ্ডলীয়ে ৷

By

Published : Sep 28, 2019, 2:37 PM IST

আদৱানীয়ে যদি পায়, কিয় নাপাই হিন্দু বঙালীয়ে!

চিৰাং, 28 চেপ্তেম্বৰঃ বিজেপি নেতা এল কে আদৱানীয়ে যদি ভাৰতত নাগৰিকত্ব পাব পাৰে বঙালী হিন্দু সকলে কিয় নাপাব বুলি চৰকাৰলৈ প্ৰশ্ন বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ ৷ শনিবাৰে চিৰাঙৰ বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ তিনিওটা গোটৰ সভাপতি মণ্ডলিৰ যৌথ সংবাদমেলত এই মন্তব্য কৰে সংগঠনটোৱে৷ সংবাদ মেলত কয় যে, পূজাৰ পাচতে অসমৰ বিভিন্ন বঙালী সংগঠন একত্ৰিত কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচন শক্তিশালী ৰূপে গঢ়ি তুলিব । ফেডেৰেচনৰ পৰা ফালৰি কাটি গৈ গঠন কৰা সকলো সংগঠন একগোট কৰাৰ কথাও জনায় সভাপতি মণ্ডলীয়ে । লগতে অসমত সকলো নথী থকাৰ পিচতো বাৰে বাৰে অসমৰ বঙালী সকলক হাৰাশাস্থি কৰা হৈছে বুলি অভিযোগ কৰি কয় যে, ছোনীয়া গান্ধী, তৰুন গগৈৰ পুত্ৰ বধু,এল কে আদৱানীৰ ক্ষেত্ৰত চৰকাৰ কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তাৰোপৰি প্ৰতীক হাজেলাই বঙালী হিন্দুক টাৰ্গেট কৰিয়ে NRC ৰ পৰা বাদ পেলাইছে বুলিও মন্তব্য কৰে । NRC ৰ নামত খৰচ হোৱা 1600 শ কোটি টকাৰ হিচাপ বিচাৰে সংগঠনটোৱে ৷

আদৱানীয়ে যদি পায়, কিয় নাপাই হিন্দু বঙালীয়ে!

ABOUT THE AUTHOR

...view details