চিৰাং, 20 আগষ্ট: চৰকাৰী উন্নয়নৰ পৰা বঞ্চিত চিৰাং জিলাৰ নাথুৰবাৰী গাঁও । গাঁওখনৰ আধাতকৈ অধিক অংশই এতিয়া আই নদীৰ গৰাখহনীয়াত বিলিন হৈছে । গাঁওখনৰ যিখিনি আছে সেয়াও সৰ্বদিশতে অৱহেলিত ।
চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনীয়ে ঢুকি নোপোৱা গাঁও হৈছে এইখন । নাথুৰবাৰী গাঁওৰ মাজেৰে যোৱা পথচোৱা আই নদীৰ বানপানীত খহাই নিয়াৰ ফলত তাত ৰাইজে প্ৰতি বছৰে দুই তিনিবাৰকৈ গাঁঠীৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হৈছে ।
ৰাইজে মিলি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং সুবাইঝাৰ ভি চি ডি চিৰ অন্তৰ্গত এইখন গাঁৱত আজিলৈ হোৱা নাই কোনো উন্নয়ন । হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ প্ৰকৃত উন্নয়নৰ বাস্তৱ ছবিক প্ৰতিফলিত কৰিছে এইখন নাথুৰবাৰী গাঁৱে । গাঁওখনৰ বাট-পথ দলং আদিৰ লগতে গাঁওখনত নাই কোনো শিক্ষানুষ্ঠান, বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা । আনেকি আই নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও চৰকাৰে লোৱা নাই কোনো উচিত পদক্ষেপ ।
লগতে চাওক- ৰাইজৰ শ্ৰমদান : উন্নয়নৰ পৰা বঞ্চিত চিৰাঙৰ এখন গাঁও