চিৰাং, ৯ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ নাঙলভাঙা স্থিত নাঙলভাঙা নদীৰ ওপৰেৰে আজি পৰ্যন্ত নহ'ল যাতায়তৰ সুচল ব্যৱস্থা । ফলত খৰালি কালত বাঁহৰ সাঁকো আৰু বাৰিষা কালত নাৱেই হৈ পৰিছে যাতায়তৰ একমাত্ৰ মাধ্যম ।
উন্নয়নৰ নামত একোৱেই হোৱা নাই চিৰাঙৰ নাঙলভাঙাত - নাঙলভাঙা নদী
বাঁহৰ অস্থায়ী সাঁকোৱেই যাতায়তৰ একমাত্ৰ আহিলা নাঙলভাঙা বাসীৰ
বাঁহৰ সাঁকো
বাৰিষাৰ বতৰত অঞ্চলবাসীয়ে য়াতায়তৰ বাবে নাও ব্যৱহাৰ কৰাৰ বিপৰীতে খৰালি স্থানীয় লোকে মিলি বাঁহৰ অস্থায়ী সাঁকো তৈয়াৰ কৰি অব্য়াহত ৰাখে যাতায়ত । ইপিনে নদীত পানী অধিক হ'লে ২-৩ দিনলৈ বন্ধ থাকে যাতায়াত । বহিঃ বিশ্বৰ সৈতে সম্পৰ্ক স্তব্ধ হৈ পৰাৰ লগতে নদী দ্বিপত আৱদ্ধ হৈ পৰে প্ৰায় ৩০ খন গাঁৱৰ লোক।
সেয়ে দীৰ্ঘ দিন ধৰি স্থানীয় লোক সকলে নাঙলভাঙা নদীৰ ওপৰত পকী দলঙৰ দাবী জনাই আহিছে ।