অসম

assam

ETV Bharat / state

বাক্সাৰ আনন্দ বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 1

মাৰুতি এল্টো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় আকাশ বড়ো নামৰ এজন যুৱক ৷

By

Published : Apr 2, 2019, 3:47 AM IST

বাক্সাৰ আনন্দ বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

চিৰাং,2 এপ্ৰিলঃ সোমবাৰে বিয়লিবাক্সাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত তথা আনন্দ বজাৰ-মানাহ সংযোগী মুখ্য পথৰ আম্ৰাট্টাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন চাৰিচকীয়া মাৰুতি এল্টো আৰু পালছাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষত হোৱা দুৰ্ঘটনাটোত পালছাৰ বাইকত থকা দুই আৰোহী হৰিপুৰৰ আকাশ বড়ো আৰু মনজিত মুছাহাৰী গুৰুতৰভাৱে আহত হয় ৷ দুয়োকে প্ৰথমে সাউদৰভিঠা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় আকাশ বড়োৰ ৷ইফালে মাৰুতি এল্টোখনত থকা আৰোহী সকলকো ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও এই মুহূৰ্তলৈ মাৰুতি এল্টোখনত থকা আৰোহী সকলৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, নম্বৰ প্লেটবিহীন ক’লা ৰঙৰ মাৰুতি এল্টোখনক AS 28--9395 নম্বৰৰ পালছাৰ বাইকখনে সমুখৰ পৰা তীব্ৰ বেগত আহি খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷

বাক্সাৰ আনন্দ বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details