বিজনীত উদ্ধাৰ হাতী পোৱালি - bijni
ভাৰত-ভূটান সীমান্তৰ অগ্ৰং নদীৰ পাৰত শ্ৰীলংকা নামৰ বন গাঁৱৰ ওচৰত সোমবাৰে পুৱা ভাগত উদ্ধাৰ হয় হাতী পোৱালিটো । ধাৰণা কৰা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীৰ জাকৰ মাজৰ পৰা খাদ্য বিচাৰি আহোতেই বিচ্ছিন্ন হৈছে হাতী পোৱালীটো ৷

চিৰাং, 12 জুলাইঃ চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত উদ্ধাৰ হাতী পোৱালি ৷ বানপানীত মানাহৰ পৰা ওলাই অহা হাতীজাকৰ পৰা পোৱালিটো বিচ্ছিন্ন হোৱা বুলি আশংকা কৰিছে স্থানীয় ৰাইজে । আনহাতে, বন বিভাগে নিজৰ জিম্মাত লৈছে হাতী পোৱালিটো । ভাৰত-ভূটান সীমান্তৰ অগ্ৰং নদীৰ পাৰত শ্ৰীলংকা নামৰ বনগাঁৱৰ ওচৰত সোমবাৰে পুৱা ভাগত উদ্ধাৰ হয় হাতী পোৱালিটো । ধাৰণা কৰা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীৰ জাকৰ মাজৰ পৰা খাদ্য বিচাৰি আহোতেই বিচ্ছিন্ন হৈছে হাতী পোৱালীটো । স্থানীয় লোকে হাতী পোৱালীটো দেখাৰ লগে লগে ২নং বিষ্ণুপুৰৰ বনবিভাগৰ বিট কাৰ্যালয়ত জনায় আৰু বন বিভাগৰ লোকে উদ্ধাৰ কৰি হাতী পোৱালীটো নিজৰ জিম্মাত লয় । লগতে বন বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি হাতী পোৱালিটো হাতীৰ জাকটোৰ মাজলৈ পঠাব বুলি জানিব দিয়ে ।