চিৰাং, 21মাৰ্চ: শনিবাৰে চিৰাঙৰ সকলো ছাত্ৰ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । জিলাখনৰ আছা, এছু, আমছু, এবিএমছু, আক্ৰাছু, ডিএমডিজেপিৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এই অনুষ্ঠান ছাপাগুৰীস্থিত হোটেল হিমালয়াৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷
চিৰাঙত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কত সজাগতা অনুষ্ঠান - বেচৰকাৰী সংস্থা আই জি এচ এচ এচ
চিৰাঙত ছাত্ৰ সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষা সজাগতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত সজাগতা অনুষ্ঠান ।
![চিৰাঙত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কত সজাগতা অনুষ্ঠান চিৰাঙত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কত এক সজাগতা অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11096455-666-11096455-1616310190807.jpg)
চিৰাঙত শিক্ষা আৰু আত্মনিৰ্ভৰশীলতা সম্পৰ্কত এক সজাগতা অনুষ্ঠান
বেচৰকাৰী সংস্থা আই জি এচ এচ এচৰ সহযোগত "সমাজ গঢ়াত শিক্ষাৰ গুৰুত্ব আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত যুৱক সকলৰ ভূমিকা"শীৰ্ষক সজাগতামুলক আলোচনা চক্ৰৰ আয়োজন কৰা হয় । অনুষ্ঠানত আই জি এচ এচ এচৰ সমন্বয়ক মনিশা সিহ্না, যুৱ প্ৰজন্মৰ সাহিত্যিক লিখক আছমা বেগম, ড৹ ৰাজু চুব্বাকে আদি কৰি কেবা গৰাকীয়ো বিশিষ্ট উপস্থিত থাকে ৷