অসম

assam

ETV Bharat / state

Awareness campaign against drugs : চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে বাইক ৰেলী - চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে বাইক ৰেলী

চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক সভা আৰু এখনি বাইক ৰেলীৰ কাৰ্যসূচী অনুষ্ঠিত (Awareness campaign against drugs) ৷ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীৰ নেতৃত্বত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷

bike-rally-to-raise-awareness-on-drug-addiction-at-chirang
চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক অভিযান

By

Published : Dec 21, 2021, 11:13 AM IST

চিৰাং, 21 ডিচেম্বৰ : যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত অভিযান ৷ আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ চুকে-কোণে বৰ্তমানেও উপলব্ধ হৈ আছে এই বৰবিহ ৷ সেয়ে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ স্বাৰ্থত চিৰাঙত বাইক ৰেলী বাহিৰ কৰা হয় (Awareness campaign against drugs) ৷

চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক অভিযান

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি যাতে ভৱিষ্যত প্ৰজন্ম ধ্বংস হৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিচামুক্ত বিটিআৰ গঢ়াৰ উদ্দেশ্যে দেওবাৰে বিজনীত এই কাৰ্যসূচী পালন কৰা হয় ৷ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীৰ নেতৃত্বত অনুষ্ঠিত এই বাইক ৰেলীৰ (Bike Rally was organized by BJP) ৰ শুভাৰম্ভ কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন আদি ৷ উল্লেখ্য যে, ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷

লগতে পঢ়ক :Gambler Arrested at Tingkhong : টিংখাঙত 11 টাকৈ জুৱাৰী কৰায়ত্ত

ABOUT THE AUTHOR

...view details