চিৰাং, 24 আগষ্ট :চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীত কৰ্তব্যৰত এগৰাকী আশাকৰ্মী মঙলবাৰে দুৰ্বৃত্তৰ আক্ৰমণ গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে(Physically attack on ASHA worker) । আহত আশাকৰ্মীগৰাকী আমিৰণ নেছা(৫০) বুলি জানিব পৰা হৈছে । কৰ্তব্যৰত আশাকৰ্মীগৰাকীক কৰ্মৰত অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ আশাকৰ্মীসকলৰ মাজত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
দুৰ্বৃত্তৰ শাৰীৰিক আক্ৰমণত গুৰুতৰভাৱে আহত আশাকৰ্মী আমিৰণ নেছাক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মঙলবাৰে দুপৰীয়া নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ গৰ্ভৱতী মহিলাৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আশাকৰ্মী আমিৰণ নেছাৰ সৈতে আকবৰ আলীৰ প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় আৰু তাৰপিছত আকবৰ আলীয়ে আশাকৰ্মীগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে(Physically attack on ASHA worker) ।