অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি - লোকসভা নিৰ্বাচন উপলক্ষে তৎপৰ চিৰাঙৰ দুটা বিধানসভা সমষ্টি

লোকসভা নিৰ্বাচন উপলক্ষে তৎপৰ চিৰাঙৰ দুটা বিধানসভা সমষ্টি ক্ৰমে চিদলী বিধান সভা সমষ্টি আৰু বিজনী বিধান সভা সমষ্টি।

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি

By

Published : Mar 12, 2019, 12:46 AM IST


১১ মাৰ্চ, চিৰাংঃ চিৰাঙত আগন্তক লোকসভা নিৰ্বাচন উপলক্ষে দুটা বিধানসভা সমষ্টি ক্ৰমে চিদলী বিধান সভা সমষ্টি আৰু বিজনী বিধান সভা সমষ্টিত পৃথকে পৃথকে নিৰ্বাচনী আচৰন বিধি বলবৎ সম্পৰ্কে এখন সভা অনুষ্ঠিত হয় । চিদলী সমষ্টিত নিৰ্বাচনী বিষয়া চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে জিলাখনৰ সকলো বিভাগ সামৰি সকলো বিষয়া, বিভিন্ন ৰাজনৈতিক দলৰ নেতা,সংবাদ মাধ্যমৰ উপস্থিতিত নিৰ্বাচনী আচৰন বিধি সম্পৰ্কে জনাই।

লোকসভা নিৰ্বাচনকলৈ তৎপৰ চিৰাঙৰ দুটা বিভানসভা সমষ্টি

জানিব পৰা মতে চিদলী সমষ্টিত ২৬৯ টা ভোট কেন্দ্ৰৰ ২ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ, ২৮ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি জনায় । লগতে চিদলী সমষ্টিৰ ভোট কেন্দ্ৰ সমূহক ৯ টা জ'ন আৰু ২৬ টা ছেক্টৰত ভাগ কৰা হৈছে । ভোট কেন্দ্ৰলৈ ইভিএম কঢ়িয়াই নিয়া গাড়ীত জিপিএছৰ ব্যৱস্থাও থাকিব বুলি জনায় । ১৫ টা ভোট কেন্দ্ৰত লাইভৰ ব্যৱস্থা থাকিব আৰু অতি স্পৰ্শকাতৰ তথা স্পৰ্শকাতৰ ভোট কেন্দ্ৰ সমূহত চিচি টিভিৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ১০ মাৰ্চত সমাগত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাচত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিজনী মহকুমা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ সোমবাৰে বিজনী মহকুমা প্ৰশাসনৰ আহ্বানত মহকুমাধিপতিৰ কাৰ্যালয় সভা কক্ষত বিজনীৰ ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ স'তে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত এক সভা অনুষ্ঠিত হয় ৷

ABOUT THE AUTHOR

...view details