অসম

assam

ETV Bharat / state

পৰিৱৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

তিনিমহীয়া পৰীক্ষা পাৰ হৈছে, সমাগত ছমহীয়া পৰীক্ষা কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়ে এতিয়াও লাভ কৰা নাই পাঠ‍্যপুথি।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

By

Published : May 8, 2019, 7:15 PM IST

চিৰাং, 8 মেঃ শিক্ষাবৰ্ষৰ পা‍চোটাকৈ মাহ অতিক্ৰম কৰা পিচতো পাঠ্যপুথি অবিহনে আগন্তুক ছমহীয়া পৰীক্ষালৈ সাজু হৈছে চিৰাঙৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷ অভিযোগ অনুসৰি জিলাখনৰ চিদলী ৰাজা অজিত নাৰায়ন দেৱ হাইস্কুলৰ প্ৰধান শিক্ষকৰ ভুলৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই চাওতাল মাধ্যমৰ পাঠ‍্যপুথি ৷ প্ৰধান শিক্ষক দণ্ডধৰ দেৱে শিক্ষা বিভাগত চাওতাল মাধ্যমৰ পাঠ‍্যপুথিৰ লগতে বড়ো মাধ্যমৰ পাঠ‍্যপুথি বিচাৰি আবেদন নকৰাৰ বাবেই বৰ্তমানেও বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই পাঠ‍্যপুথি ।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

একেদৰে চিদলীৰ নিমাগাঁও বাতাবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই গণিতৰ পাঠ‍্যপুথি। ইতিমধ্যে তিনিমহীয়া পৰীক্ষা পাৰ হৈছে,সমাগত ছমহীয়া পৰীক্ষা কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয় কেইখনে লাভ কৰা নাই পাঠ‍্যপুথি।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

আন্তঃগাথনিৰ দিশতো পিছপৰি আছে বিদ্যালয়খন ৷ ৩৬ ফুট দৈৰ্ঘৰ বিদ্যালয় গৃহত ছয়টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক একেটা শ্ৰেণীকোঠাতে পাঠদান কৰাবলগীয়া হয়। এয়াই অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ নমুনা।

আনহাতে পাঠ্যপুথি সময়তে যোগান ধৰিব নোৱাৰৰ ফলত নিমাগাঁও বাতাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লংকেশ্বৰ বৰ্মনে নিজ ভুলৰ ফলত এনে দশা হোৱাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে চিৰাং জিলা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ ফলতে অৱহেলিত হৈ আছে জিলাখনৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details