চিৰাং, 24 মাৰ্চঃ বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলত দিনে নিশাই চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । আই নদী আৰু মানাহ নদীৰ মাজেৰে ভুট ভুটি নাঁৱেৰে পাৰ হয় চোৰাং কাঠৰ কুন্ডা। মানিকপুৰ উপ বন সংমণ্ডল আৰু মানাহ বন সংমণ্ডলৰ নাকৰ তলেৰে প্ৰতিদিনে পাৰ হয় চোৰাং কাঠৰ কুন্ডা ভৰ্ত্তি নাঁও ।
উত্তৰ অভয়াপুৰী চৰাঞ্চলত চোৰাং কাঠৰ ৰমৰমীয়া বেহা; নিৰ্লিপ্ত আৰক্ষী, মৌন বন বিভাগ - চোৰাং কাঠৰ কুন্ডা ভৰ্ত্তি নাঁও
উত্তৰ অভয়াপুৰী সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলত দিনে নিশাই চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । নিশাৰ ভাগত আৰক্ষী আৰু বন বিষয়াৰ সৈতে গোপন বুজা-বুজি কৰি অসাধু ব্যৱসায়ীয়ে অবাধে ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

প্ৰাপ্ত তথ্য অনুসৰি চোৰাং বেপাৰীয়ে কুখলঙৰ পৰা এই অবৈধ কাঠ কুণ্ডা বোৰ আই আৰু মানাহ নদীৰ মাজেৰে আনি মানিকপুৰ, অভায়াপুৰী আৰু মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত চৰাঞ্চলত চলি থকা থকা অবৈধ কাঠ ফলা মিললৈ লৈ যায় । একাংশ অসাধু ব্যৱসায়ীয়ে ঘোৰাৰ গাড়ীৰেও সৰবৰাহ কৰে চোৰাং কাঠ। আনহাতে নিশাৰ ভাগত আৰক্ষী আৰু বন বিষয়াৰ সৈতে গোপন বুজা বুজি কৰি অসাধু ব্যৱসায়ীয়ে অবাধে পাৰ কৰে চোৰাং কাঠৰ গাড়ী।
স্থানীয় ৰাইজৰ অভিযোগ মতে উত্তৰ অভায়াপুৰী সমষ্টিৰ মানিকপুৰ, অভয়াপুৰী আৰু মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত চৰাঞ্চল সমুহত শতাধিক অবৈধ কাঠ ফলা মিল চলি আছে যদিও বন বিভাগ তথা আৰক্ষী বিভাগৰ কোনো কাণ সাৰ নাই । এই ক্ষেত্ৰত বন মন্ত্ৰীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।