অসম

assam

By

Published : Nov 22, 2020, 8:27 PM IST

ETV Bharat / state

বিশ্বজিৎ দৈমাৰী বিজেপিত গৈ ডাষ্টবিনত সোমাল : মন্ত্ৰী চন্দন ব্ৰহ্ম

বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাক লৈ তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ । বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰি পোনে পোনে ডাষ্টবিনত সোমাল বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে দৈমাৰীৰ দল ত্যাগে বিপিএফৰ এক বিন্দুও ক্ষতি কৰা নাই বুলি মন্তব্য কৰে। চিৰাঙৰ বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ-অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ বাবে অনুষ্ঠিত নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই।

বিশ্বজিত দৈমাৰীয়ে বিজেপিত যোগদান কৰাক লৈ তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ
বিশ্বজিত দৈমাৰীয়ে বিজেপিত যোগদান কৰাক লৈ তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ

চিৰাং, ২২ নৱেম্বৰ: চিৰাঙৰ বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী সভাত ন-বিজেপি বিশ্বজিৎ দৈমাৰীলৈ লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ। তেওঁ কয় যে, বিশ্বজিৎ দৈমাৰী বিপিএফত থকা হ'লে দলৰ বাবে বৃহৎ ক্ষতি হ'লহেতেন।

বিশ্বজিত দৈমাৰীয়ে বিজেপিত যোগদান কৰাক লৈ তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, 'বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰি পোনে পোনে ডাষ্টবিনত সোমাল। আমাৰ বিপিএফ দলৰ সাংসদ হৈ অইন দলত যোগদান কৰাৰ লগে লগে তেওঁৰ সাংসদ পদ খাৰিজ হ'ব বুলি জানি বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে। মই আগতে কৈছিলো যে, বিটিচি নিৰ্বাচনৰ আগতে যদি দৈমাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী পদ নাপায় তেন্তে ডাষ্টবিনত যাব। গতিকে মোৰ কথাটো অলপ আগতেই হ'ল। বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ দয়াত বিপিএফ দলৰ পৰা ৩ বাৰকৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰ সুযোগ পাইছিল। অসমত কোনো ৰাজনীতিবিদৰ তেনে ভাগ্য হোৱা নাই।'

বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী সভা

লগতে বিটিচিৰ বিষয়ে একো নজনাকৈয়ে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰে চন্দন ব্ৰহ্মই ।দেওবাৰে চিৰাঙৰ বিজনীৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ-অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই অংশ লয়।

সভাত মন্ত্ৰীগৰাকীৰ লগতে বিজনী বিধান সভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, প্ৰাক্তন বিধায়ক কমল ব্ৰহ্মকে ধৰি অসম গণ পৰিষদ দলৰ কেইবাজনো নেতা উপস্থিত থাকে। অগপ-বিপিএফৰ সমৰ্থিত থুৰিবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায় জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক কমল সিং নাৰ্জাৰীয়ে।

লগতে পঢ়ক:অসম বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ বাংলা বিভাগৰ

ABOUT THE AUTHOR

...view details