অসম

assam

ETV Bharat / state

চিৰাঙৰ আমলাইগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ - আৰক্ষী

চিৰাঙত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ। দুটা পৃথক স্থানত মাটিত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰখিনি উদ্ধাৰ আৰক্ষীয়ে। অভিযানত ২ মেগজিন, এ কে ৪৭, ৭.৬৫ এম এম পিষ্টল, ৫০টা গুলী, এটা পেন পিষ্টল, ৯ এম এম কাৰ্বাইন, ৭ টা ৯ এম এম পিষ্টল, ২টা চাইনিজ হেণ্ড গ্ৰেণেড, ২৫ জাঁই গুলী উদ্ধাৰ।

চিৰাঙৰ আমলাইগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ
চিৰাঙৰ আমলাইগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

By

Published : Oct 29, 2020, 5:26 PM IST

চিৰাং, ২৯ অক্টোবৰ: বি টি চি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে চিৰাঙত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ। বৃহস্পতিবাৰে পুৱা ৰুণিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰ ৰাণিপুৰৰ আমলাইগুৰিত মাটিত পুতি থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। একেখন গাঁৱৰে দুই স্থানত অভিযান চলাইছিল আৰক্ষীয়ে। দুয়োখন স্থানৰে পৰা পৃথকে পৃথকে উদ্ধাৰ হয় মাৰণাস্ত্ৰখিনি।

চিৰাঙৰ আমলাইগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

আৰক্ষীৰ অভিযানত এটা স্থানৰ পৰা ২ মেগজিন, এ কে ৪৭, ৭.৬৫ এম এম পিষ্টল, ৫০টা গুলী, এটা পেন পিষ্টল উদ্ধাৰ হয়। আনটো স্থানৰ পৰা এটা ৯ এম এম কাৰ্বাইন, ৭ টা ৯ এম এম পিষ্টল, ২টা চাইনিজ হেণ্ড গ্ৰেণেড, ২৫ জাঁই গুলীও উদ্ধাৰ হয়। বৃহস্পতিবাৰে বিয়লি ২ বজাত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত এই তথ্য প্ৰকাশ কৰে জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

চিৰাঙৰ আমলাইগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

তেওঁ কয় যে, বিগত কিছুদিন ধৰি অস্ত্ৰ-শস্ত্ৰৰ তথ‍্য লাভ কৰিছিল আৰক্ষীয়ে। বুধবাৰে নিশা আৰক্ষী মাৰণাস্ত্ৰ থকাৰ বিষয়ে নিশ্চিত হয় আৰু বৃহস্পতিবাৰে পুৱা ৬.৩০ বজাৰ পৰা ৯.৩০ বজালৈকে আৰক্ষীয়ে দুই স্থানত অভিযান চলাই গাঁত খান্দি মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা(সদৰ) অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, জিলা (সদৰ) উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস, ৰুণিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায়।

অৱশ্যে এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। এই মাৰণাস্ত্ৰসমূহ বিগত সময়ছোৱাত চিৰাং জিলাত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ বুলি সন্দেহ কৰা হৈছে। সংগঠনটোৰ বিৰুদ্ধে চলা সেনা অভিযান আৰু শেষলৈ হোৱা শান্তি চুক্তিৰ পিচত পুতি থোৱা বুলি সন্দেহ কৰা হৈছে। বি টি চি নিৰ্বাচনৰ আগে আগে মাৰণাস্ত্ৰ উদ্ধাৰ কৰাতো আৰক্ষীৰ বাবে বৃহৎ সফলতা।

এইসমূহ মাৰণাস্ত্ৰ যে বিটিচি পৰিষদীয় নিৰ্বাচনত ব‍্যৱহাৰ নহ'লহেতেন সেয়া নুই কৰিব নোৱাৰি। ইয়াৰ পুৰ্বেও চিৰাঙত বিটিআৰ শান্তি চুক্তিৰ পিচত ৩ বাৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীয়ে। জিলাখনত আৰু অধিক মাৰণাস্ত্ৰ উদ্ধাৰ হব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এই ক্ষেত্ৰত সেনা-আৰক্ষীয়ে জিলাখনত গোপনে অব‍্যাহত ৰাখিছে অভিযান।


লগতে পঢ়ক:জালুকবাৰী আৰক্ষীৰ জালত ৭ জনীয়া পকেটমাৰৰ দল

ABOUT THE AUTHOR

...view details