চিৰাং, ২১ নৱেম্বৰ: শনিবাৰে চিৰাং জিলাৰ কেইবাটাও বিভাগৰ বিষয়াৰে আলোচনাত মিলিত হয় নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা অসম চৰকাৰৰ আয়ুক্ত নন্দিতা দত্ত আৰু বন বিভাগৰ সংৰক্ষক বংকিম শৰ্মাই। শুকুৰবাৰে অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ নিৰ্দেশ অনুসৰি চিৰাঙৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত ৩টা বিটিচি পৰিষদীয় সমষ্টি ক্ৰমে ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও সমষ্টি পৰ্যবেক্ষণ কৰে।
দুয়োগৰাকীয়ে কাজলগাঁৱত বাহৰ পাতি শনিবাৰে নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচনী বিষয়া, আৰক্ষী বিষয়া, নিৰ্বাচনী সকলো কোষৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীৰে বৈঠকত মিলিত হয়। নিৰ্বাচনক লৈ ভোটকেন্দ্ৰসমূহত চলা প্ৰস্তুতিৰ লগতে নিৰ্বাচনী আচৰণবিধিৰ সন্দৰ্ভতো আলোচনা কৰে। সুস্থ তথা শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কঠোৰভাৱে নিৰ্বাচনী আচৰণবিধি বলবৎ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।