চিৰাং, ১৬ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে পুনৰ ৰাজ্যত প্ৰতিবাদৰ ঢৌ । চিৰাঙৰ বিজনীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই । সোমবাৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজনীৰ আনন্দ বজাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ সময়তে সংগঠনটোৱে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ আছুৰ - নিৰ্বাচনী প্ৰচাৰ সভাত অংশ
মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ সময়তে চিৰাঙৰ বিজনীৰ ৰাজপথত জ্বলিল মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ । সংগঠনটোৰ বিজনীৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ।
বিজনীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আছুৰ
সংগঠনটোৰ বিজনীৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি 'কা' আমি নামানো, হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপি গ' বেক শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিহে হেলিকপ্টাৰেৰে আহি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলগীয়া হৈছে বুলি কটাক্ষ কৰে আছু নেতৃত্বই।