বঙাইগাঁও,24 জানুৱাৰী:পুনৰ ৰাজ্যত গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী আইন আৰু কৃষি আইন বাতিলৰ আন্দোলনে ৷ ইযাৰ বিৰুধীতাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে ইতিমধ্যে ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷
অভয়াপুৰীত আছুৰ উত্তাল প্ৰতিবাদ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি বঙাইগাঁৱত আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । অভয়াপুৰীৰ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতেই ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ।
![অভয়াপুৰীত আছুৰ উত্তাল প্ৰতিবাদ Bongaigaon AASU protest_](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10363715-thumbnail-3x2-bon.jpg)
দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ ঠিক একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ বঙাইগাঁৱৰ বিজেপি কাৰ্যালয়ৰ লগতে বিভিন্ন ঠাইত ক'লা পতাকা প্ৰদৰ্শণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰী সকলে ।
অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন 2019 আৰু কৃষি আইন প্ৰত্যাহাৰ কৰাৰ লগতে বিদেশী সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্থাই কৰা প্ৰতিবাদক আৰক্ষীয় বাধা প্ৰদান কৰে ৷ আৰু ঠায়ে ঠায়ে আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতি হোৱাৰো খবৰ পোৱা গৈছে ৷
লগতে পঢ়ক- আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ