অসম

assam

চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

By

Published : Mar 10, 2021, 4:08 PM IST

Updated : Mar 10, 2021, 9:46 PM IST

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ওদালগুৰিৰ জংঘলত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ ৷ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-শস্ত্ৰখিনি লুকুৱাই ৰখাৰ সন্দেহ ৷ চিৰাং আৰক্ষীৰ এটা দলে অভিযান চলাই পুৱতি নিশা মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে ৷

arms recovered from indo bhutan border in chirang
arms recovered from indo bhutan border in chirang

চিৰাং,10 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত চিৰাঙত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ ৷ চিৰাঙত ভাৰত-ভূটান সীমান্তৰ ওদালগুৰিৰ জংঘলৰ পৰা পুতি থোৱা অৱস্থাত চিৰাং আৰক্ষীৰ এটা দলে অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰে ৷ বুধবাৰে চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাজলগাঁৱস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি শীৰ্ষ আৰক্ষী বিষয়া ড৹ এল আৰ বিষ্ণৈয়ে এই কথা সদৰী কৰে ৷

মাৰণাস্ত্ৰ খিনি ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, সীমান্তৰ ওদালগুৰিৰ জংঘলত পুতি থোৱা অৱস্থাত এটা এ কে 56 ৰাইফল, মেগজিনসহ এটা নাইন এম এম পিষ্টল, মেগজিনসহ দুটা 7.65 এম এম পিষ্টল, এ কে চিৰিজৰ নব্বৈ জাঁই সজীৱ গুলী, নাইন এম এম পিষ্টলৰ পাঁচ জাঁই গুলী আৰু 7.65 এম এমৰ তিনি জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হয় ৷ বিষ্ণৈয়ে কয় যে, এক বিশেষ তথ্যৰ ভিত্তিত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীৰ 20 জনীয়া এটা দলে অভিযান চলাই পুৱতি নিশা ৰুণিখাটা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলৰ 3 নং ওদালগুৰি গাঁৱত এই মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে ৷

চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কোনো উগ্ৰপন্থী সংগঠনে এই অস্ত্ৰ শস্ত্ৰখিনি লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা মতে প্ৰাক্তন এনডিএফবি নেতা এম বাথাৰ নেতৃত্বত প্ৰাক্তন এনডিএফবি আৰু প্ৰাক্তন বিএলটি সদস্য মিলি 'ডাবল টাইগাৰ' নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম দিছে ৷ সংবাদমেলত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি উপস্থিত থাকে ৷

ওদালগুৰীৰ জংঘলৰ পৰা পুতি থোৱা অৱস্থাত চিৰাং আৰক্ষীৰ এটা দলে অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰে

লগতে পঢ়ক:ধুবুৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ

Last Updated : Mar 10, 2021, 9:46 PM IST

ABOUT THE AUTHOR

...view details