অসম

assam

ETV Bharat / state

অভয়াপুৰীত “এনিমেল” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ - food for street animal

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ স্বেচ্ছাসেৱী সংস্থাটোৱে লক ডাউন আৰম্ভ হোৱা দিনৰ পৰাই বাটে পথে ঘূৰি ফুৰা কুকুৰবোৰক যোগান ধৰি আহিছে খাদ্য ৷

"Animal"a volunteer organization of chirang provide food for street animal
অভয়াপুৰীত “এনিমেল” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Apr 20, 2020, 5:38 PM IST

চিৰাং,20 এপ্ৰিল: কৰ'ণাৰ আতংকৰ বাবে ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে দেশজুৰি বাহাল আছে লক ডাউন ৷ যাৰ বাবে স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ স্বাভাৱিক জনজীৱন ৷ ইয়াৰ লগে লগে বন্ধ হৈ পৰিছে হোটেল,ৰেষ্টুৰেন্টৰ লগতে হাট-বজাৰৰ লগতে সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৷ ফলত তথৈবচ হৈ পৰিছে হোটেল,ৰেষ্টুৰেন্টবোৰৰ লগতে বিভিন্ন ঠাইত পেলনীয়া খাদ্য খাই জীয়াই থকা কুকুৰবোৰৰ অৱস্থা ৷

অভয়াপুৰীত “এনিমেল” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ

তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ“এনিমেল”নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই লক ডাউন আৰম্ভ হোৱা দিনৰ পৰাই বাটে পথে ঘূৰি ফুৰা কুকুৰবোৰক যোগান ধৰি আহিছে খাদ্য ৷ কেৱল কুকুৰকে নহয়,লক ডাউনত ভক্তৰ আগমণ নোহোৱা মন্দিৰবোৰৰ পাৰ চৰাইবোৰকো খাদ্যৰ যোগান ধৰি আহিছে সংস্থাটোৱে ৷ ইয়াৰ জৰিয়তে স্বাভাৱিকতে মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে এনিমেল নামৰ সংস্থাটোৱে ৷

চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে পথৰ কুকুৰক বিতৰণ কৰিছে খাদ্য

একেদৰে চিৰাং জিলাৰ ভিন্ন প্ৰান্তত আৰক্ষীয়েও পথৰ কুকুৰৰ বাবে খাদ্য যোগান ধৰা পৰিলক্ষিত হৈছে ৷ চিৰাং জিলাৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে নিজে বাটৰ কুকুৰক খাদ্য যোগান ধৰা কাৰ্যই প্ৰেৰণা যোগাইছে বহুজনক ৷

লগতে পঢ়কঃ শিলচৰত এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা

ABOUT THE AUTHOR

...view details