অসম

assam

ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত উদ্ধাৰ দুষ্প্রাপ্য প্ৰজাতিৰ ঘঁৰিয়াল - A gharial recovered from Indo-Bhutan frontier

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ নিদলাগুৰি চুইচ্গেটত মৃত অৱস্থাত ঘঁৰিয়াল উদ্ধাৰ ৷ ভূটান পাহাৰৰ পাদভূমিত উদ্ধাৰ হোৱা ঘঁৰিয়ালটোৱে ৰহস্যৰ অৱতাৰণা কৰিছে ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ঘঁৰিয়াল উদ্ধাৰ

By

Published : Oct 8, 2019, 7:33 PM IST

চিৰাং, 8 অক্টোবৰঃ ভাৰত-ভূটান সীমান্তৰ পাদভূমিস্থিত চিৰাঙৰ আই নদীৰ উচ্চাংশত উদ্ধাৰ হোৱা ঘঁৰিয়ালে প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে । মংগলবাৰে জিলাখনৰ বন বিভাগে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ নিজলাগুৰিৰ চুইচ্গেটত উদ্ধাৰ কৰে এটা মৃত ঘৰিয়াল । চিৰাঙ বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সোমবাৰে সন্ধিয়া বন বিভাগে ঘৰিয়ালটোৰ অৱস্থিতিৰ বিষয়ে অৱগত হোৱাৰ পিচতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু হঠাৎ ঘঁৰিয়ালটো কম পানীৰ ওপৰত দৃশ্যমান হোৱাত স্থানীয় লোকে শিল দলিয়াই আক্ৰমণ কৰে ৷ ৰাইজৰ ফালৰ পৰা হোৱা ধাৰাসাৰ শিলাবৰ্ষণত মূৰত আঘাতপ্ৰাপ্ত হৈ ঘঁৰিয়ালটোৰ মৃত্যু হয় ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ঘঁৰিয়াল উদ্ধাৰ

উদ্ধাৰ হোৱা ঘঁৰিয়ালটো এটা মাইকী ঘঁৰিয়াল আৰু ইয়াৰ দৈঘ্য ৬ ফুট ৫ ইঞ্চি বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে । ইফালে বন বিভাগে পানীৰ পৰা ঘঁৰিয়ালটোক উদ্ধাৰ কৰোতে মৃত অৱস্থাত উদ্ধাৰ কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ৷ বিষয়াজনে আৰু কয় যে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ নিজলাগুৰিত সাগৰ পৃষ্টৰ পৰা ২০০ মিটাৰ উচ্চতাত উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য ঘঁৰিয়ালটোৱে ৰহস্যৰ অৱতাৰণা কৰিছে । কিয়নো বিষয়াজনে প্ৰদান কৰা তথ্য অনুসৰি পাহাৰৰ পাদভূমিত ঘঁৰিয়ালৰ অৱস্থিতি অত্যন্ত বিৰল আৰু অবিশ্বাস্য ৷ আনহাতে উদ্ধাৰ হোৱা ঘঁৰিয়ালটো গংগা-ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা আৰু প্লাৱনভূমি অঞ্চলত বিচৰণ কৰা দেখা যায় আৰু ইয়াৰ বৈজ্ঞানিক নাম গেব্ৰিয়েলিষ্ট গেঞ্জেটিকা আৰু বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে । তেওঁ লগতে উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য মৃত ঘঁৰিয়ালটো ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ যোগেদি আই নদীত প্ৰৱেশ কৰি নদীখনৰ উচ্চাংশলৈ গতি কৰা বুলি সন্দেহ ব্যক্ত কৰে ৷ ব্ৰহ্মপুত্ৰ সংযোগী আই নদীৰ শাখা নিজলা নদীত উদ্ধাৰ হোৱা এই ঘঁৰিয়ালটোক গৱেষণাৰ এক বাবে উৎকৃষ্ট সমল বুলি অভিহিত কৰে বন সংমণ্ডল বিষয়াগৰাকীয়ে ।

ইফালে বন বিভাগে ঘঁৰিয়ালটোৰ মৰণোত্তৰ পৰীক্ষাৰ লগতে ডি এন এৰ নমুনা সংগ্ৰহৰ বাবে মানাহলৈ প্ৰেৰণ কৰিছে । তদুপৰি ঘঁৰিয়ালটোৰ সন্দৰ্ভত গৱেষণা তথা প্ৰয়োজনীয় তথ্য-পাতি সংগ্ৰহৰ বাবে খানাপাৰা ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটি গৱেষক দল ইতিমধ্যেই মানাহ অভিমুখে ৰাওনা হৈছে ৷

আৰু পঢ়ক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details