অসম

assam

ETV Bharat / state

৩ ঘণ্টাৰ বাবে নিজ বাসগৃহলৈ আহিল ডিটেনচন কেম্পত বন্দী অমলা দাস - অমলা দাসৰ জামিন

প্ৰায় 1 বছৰ 9 মাহ ডিটেনচন কেম্পত থকাৰ পাচত স্বামীৰ মৃত্যু হোৱাত 24 ঘন্টাৰ বাবে অমলা দাসে জামিন লাভ কৰে যদিও বিভাগীয় নীতিৰ মাজেৰে আহি ঘৰত উপস্থিত হৈ মাত্ৰ তিনি ঘন্টা সময়হে থাকিবলৈ পায় ৷ ঘৰলৈ অহাৰ পিছতেই শোকত ভাগি পৰে অমলা দাসৰ লগতে পৰিয়ালবৰ্গ ৷ সকলো নথি-পত্ৰ থকাৰ পিচতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা অমলা দাসক পুনৰ উভটি যাবলৈ নিদিয়াৰ হুংকাৰ সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ ৷

As_Ch_amala-das-gets-bail-for-24-hours-from-detention-camp_vis_as10012
৩ ঘণ্টাৰ বাবে নিজ বাসগৃহত উপস্থিত ডিটেনচন কেম্পত আবদ্ধ অমলা দাস

By

Published : Dec 19, 2020, 5:55 PM IST

চিৰাং,19 ডিচেম্বৰ : চিৰাঙৰ বিজনীৰ বামুণীঝৰাত শোকাকুল পৰিৱেশ ৷ স্বামীৰ মৃত্যত ৩ ঘণ্টাৰ বাবে নিজ বাসগৃহত উপস্থিত ডিটেনচন কেম্পত আবদ্ধ হৈ থকা অমলা দাস ৷ সুদীৰ্ঘ ১ বছৰ ৯ মাহ পিছত ঘৰলৈ উভতি আহি কান্দোনত ভাঙি পৰে অমলা দাস ৷ উল্লেখ্য যে, বামুণীঝৰা গাঁৱৰ গোপেশ দাসৰ পত্নী অমলা দাসক বিদেশী নাগৰিকৰ সন্দেহত কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু ৪ দিন পূৰ্বে স্বামী গোপেশ দাসৰ মৃত্যু হোৱাত হিন্দু ৰীতি-নীতি পালনৰ উদ্দেশ্যে মাত্ৰ 24 ঘণ্টাৰ বাবে নিজ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰা হয় অমলা দাসক ৷

৩ ঘণ্টাৰ বাবে নিজ বাসগৃহত উপস্থিত ডিটেনচন কেম্পত আবদ্ধ অমলা দাস

24 ঘন্টাৰ বাবে অমলা দাসে জামিন লাভ কৰে যদিও বিভাগীয় নীতিৰ মাজেৰে আহি ঘৰত উপস্থিত হৈ মাত্ৰ তিনি ঘন্টাহে সময় লাভ কৰে ৷ ঘৰলৈ অহাৰ পিছতেই শোকত ভাগি পৰে অমলা দাসৰ লগতে পৰিয়ালবৰ্গ ৷ আনহাতে, সকলো নথি-পত্ৰ থকাৰ পিছতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা অমলা দাসক পুনৰ উভটি যাবলৈ নিদিয়াৰ হুংকাৰ সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ ৷ কেৱল নামৰ বিভ্ৰান্তিৰ বাবে বিগত 1 বছৰে চৰকাৰে অমলা দাসক ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখপাত্ৰ জমছেৰ আলীয়ে ৷

বিগত পাঁচ/ছয় দিনৰ পৰাই অমলা দাসৰ জামিনৰ চেষ্টা কৰিও বিফল পৰিয়ালটিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জমছেৰ আলীৰ সহায়তহে ২৪ ঘন্টাৰ বাবে জামিন লাভ কৰে ৷ শনিবাৰে নিজ বাসগৃহত উপস্থিত হৈ সকলো ধৰ্মীয় নীতি-নিয়ম পালনৰ অন্তত পুনৰ কেম্পলৈ প্ৰেৰণ কৰা হয় অমলা দাসক ৷

লগতে পঢ়ক-হৃদয়বিদাৰক ! পথাৰত সন্তান প্ৰসৱ কুমাৰী মাতৃৰ

ABOUT THE AUTHOR

...view details