চিৰাং, 14 মে’: চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ব্যাপক অনিয়মৰ অভিযোগ ৷ একাংশৰ বাবে মদৰ আড্ডাস্থলীত পৰিণত হোৱাৰ অভিযোগ কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ (Irregularities in Kajalgaon JSB Civil Hospital) ৷
নিশা হলেই মদৰ আড্ডাত বহাৰ অভিযোগ চিৰাং জিলা সদৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ কৰ্মৰত চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে ৷ ৰোগীৰ আত্মীয়ৰ অভিযোগ অনুসৰি, কৰ্তব্যৰত অৱস্থাতে মদৰ আড্ডা দিয়ে চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছে ৷ সম্প্ৰতি চিকিৎসালয়ৰ পৰিৱৰ্তে মদৰ আড্ডাস্থলীলৈহে পৰিণত হোৱাৰ অভিযোগ জে এছ বি অসামৰিক চিকিৎসালয় (Kajalgaon JSB Civil Hospital) ৷
নিশা কৰ্মৰত চিকিৎসক, নাৰ্ছৰ সুৰাপানৰ দৃশ্যও বন্দী হৈছে কেমেৰাত ৷ চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা চলে সুৰাৰ পাৰ্টী ৷ উল্লেখযোগ্য শনিবাৰে নিশা প্ৰায় 1 বজাত ধনঞ্জয় বসুমতাৰী নামৰ এজন ব্যক্তিয়ে আত্মীয়ৰ চিকিৎসাৰ বাবে আহিছিল চিকিৎসালয়খনলৈ ৷ তাৰ পিচতেই কৰ্মৰত এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্চক চিকিৎসালয়খনৰ বন্ধ কোঠাত সুৰাৰ বটলৰ সৈতে প্ৰত্যক্ষ কৰে চিকিৎসাৰ বাবে অহা লোকসকলে (Allegation of Irregularities) ৷