চিৰাং , 3 আগষ্টঃ চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বানসাহাৰ্যৰ নামত বিতৰণ কৰাৰ অভিযোগত বিজেপি প্ৰাৰ্থী শিবনাথ ব্ৰহ্মৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ প্ৰাপ্ত তথ্য মতে, জিলাখনৰ ১৮ নং মানাস সেৰফাং বিটিচি পৰিষদীয় সমষ্টীৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে দেওবাৰে চিৰাং জিলাৰ বিজনী ১নং চাউৰাং কচুবিলৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত চাউল বিতৰণ কৰিছিল ৷ বিতৰণ কৰি থকা সময়তে অঞ্চলটোত পাণবাৰী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ চাউলখিনি সুলভ মূল্যৰ দোকানৰ চাউল বুলি নিশ্চিত কৰাৰ লগতে গাড়ীসহ চাউলখিনি জব্দ কৰে ৷
লক্ষণীয় যে, চিৰাং জিলা বিজেপি দলৰ সাধাৰণ সম্পাদক ৰিন্টু কুমাৰ দাস আৰু মানাস ছেৰফাং মণ্ডল বিজেপিৰ সভাপতি দেবজ্যোতি নমঃ দাসৰ নেতৃত্বত এই সমূহ সুলভ মূল্যৰ চাউল বান সাহাৰ্য্য হিচাবে বিতৰণ কৰি অহা হৈছিল ৷