অসম

assam

By

Published : Aug 2, 2020, 10:44 PM IST

ETV Bharat / state

লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্য়ায় বিচাৰি চিৰাঙত এবিএমছুৰ প্ৰতিবাদ

দেওবাৰে চিৰাং জিলাত একাধিক লোকে প্ৰতিবাদ সাব্য়স্ত কৰে ৷ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSUৰ চিৰাং জিলা সমিতিৰ অন্তৰ্গত পদ্মপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শাখা সমিতিসমূহৰ সহযোগত পদ্মপুৰত এই প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ ABMSUৰ প্ৰয়াত সভাপতি লাফিকুল হত্যাৰ ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

ALL BTC MINORITY STUDENTS UNION DEMAND JUSTICE FOR LAFIQULE ISLAM MURDER CASE
লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্য়ায় বিচাৰি চিৰাঙত এবিএমছুৰ প্ৰতিবাদ

চিৰাং, 2 আগষ্ট :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে দেওবাৰে চিৰাং জিলাত একাধিক লোকে প্ৰতিবাদ সাব্য়স্ত কৰে ৷ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSUৰ চিৰাং জিলা সমিতিৰ অন্তৰ্গত পদ্মপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শাখা সমিতিসমূহৰ সহযোগত পদ্মপুৰত এই প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ ABMSUৰ প্ৰয়াত সভাপতি লাফিকুল হত্যাৰ ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্য়ায় বিচাৰি চিৰাঙত এবিএমছুৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদস্থলীৰ পৰাই ABMSU চিৰাং জিলা সমিতিৰ সভাপতি আবু জুবায়েৰ মণ্ডলে কয় যে,ছাত্ৰনেতা লাফিকুল ইছলামৰ হত‍্যাকাণ্ড ৰাজনৈতিক হত‍্যাকাণ্ড । যাৰবাবে এই হত‍্যাকাণ্ডৰ লগত জড়িত কোনো লোকক চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই ।

লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্য়ায় বিচাৰি চিৰাঙত এবিএমছুৰ প্ৰতিবাদ

উল্লেখ্য যে,2017 চনৰ 1 আগষ্টত কোকৰাঝাৰ জিলাৰ তিতাগুৰিত দিন দুপৰতে লাফিকুল ইছলামক সন্দেহজনক লোকে গুলীয়াই হত্যা কৰিছিল ৷

লগতে পঢ়ক :হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ গোচৰ ৰুজু কৰিবলৈ বিধানসভাৰ অধ্যক্ষক অনুৰোধ

For All Latest Updates

ABOUT THE AUTHOR

...view details