চিৰাং , 4 জুন : চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত মঙলবাৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদেশী সন্দেহত স্বদেশীক হাৰাশাস্তি দিয়াৰ অভিযোগত সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ - effigy burn
বিদেশী সন্দেহত স্বদেশীক হাৰাশাস্তি দিয়াৰ অভিযোগত সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ
প্ৰকৃত ভাৰতীয়ক বিনাদোষত হাৰাশাস্তি দিয়া কাৰ্য আৰু সকলো বৈধ নথিপত্ৰ থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে ভুল ক্ৰমে মধুবালা মণ্ডলক প্ৰায় আঢ়ৈ বছৰ ধৰি ডিটেনচন কেম্পত আটক কৰি ৰখা কাৰ্যক তীব্ৰ নিন্দা কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰিও সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে মধুবালা মণ্ডলক বিনা চৰ্তত মুকলি কৰি দিয়াৰ দাবী জনায় ৷