অসম

assam

ETV Bharat / state

21ৰ নিৰ্বাচনত বিজেপিক সমৰ্থনৰ ক্ষেত্ৰত আক্ৰাছুয়ে দিলে চৰ্ত

2021 ৰ নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলে আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ব্যৱস্থা কৰিলে বিজেপিক পূৰ্ণ সমৰ্থন আগবঢ়াব আক্ৰাছুৱে ৷ আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ৰ মন্তব্য, কমতাপুৰত আক্ৰাছুয়ে গঠন কৰিব ৰাজনৈতিক দল ৷ আক্ৰাছুৰ দীৰ্ঘদিনীয়া আন্দোলনক স্বীকৃতি প্ৰদান কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰাছুৰ ধন্যবাদ প্ৰদান ৷

By

Published : Oct 14, 2020, 9:35 PM IST

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলে কৰিলে 21 ত আক্ৰাছুয়ে বিজেপিক সমৰ্থন কৰিব
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলে কৰিলে 21 ত আক্ৰাছুয়ে বিজেপিক সমৰ্থন কৰিব

বঙাইগাঁও, 14 অক্টোবৰ: 2021 ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলে বিজেপিক আগন্তুক নিৰ্বাচনত সমৰ্থন আগবঢ়োৱাৰ ঘোষণা আক্ৰাছু (অ)ৰ ৷ বঙাইগাঁও চহৰৰ বৰপাৰা স্থিত আক্ৰাছু(অ)ৰ মুখ্য কাৰ্য্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে এই মন্তব্য কৰে ৷ কমতাপুৰত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত আক্ৰাছু তথা প্ৰাক্তন আক্ৰাছু আৰু সংগ্ৰামী সকলক লৈ পৰিষদ গঠনৰ লগতে ৰাজনৈতিক দল গঠন কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷

আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে কয় যে দীৰ্ঘ দিনৰ পৰাই কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনক লৈ আক্ৰাছুয়ে আন্দোলন চলাইছিল ৷ শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ আন্দোলনক স্বীকৃতি প্ৰদান কৰি কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰি চৰকাৰক আক্ৰাছুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কোচ ৰাজবংশী অধ্যুষিত গাঁও আৰু চহৰ সমুহ অন্তৰ্ভূক্ত কৰি প্ৰতি বছৰে ৫০০ কোটি টকাৰ পুজি আৱন্টনৰ দাবী জনোৱাৰ লগতে বিটিআৰৰ অন্তৰ্গত দুখন জিলা ক্ৰমে বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলকো ভৈয়াম জনজাতীৰ মৰ্য্যাদা প্ৰদানৰ বাবে আক্ৰাছুৱে দাবী উত্থাপন কৰে ৷ কোচ ৰাজবংশী সকলক জনজাতি (এন) প্ৰদান কৰি ভূমি,ৰাজনৈতিক,অৰ্থনৈতিক,শৈক্ষিক আৰু সামাজিক অধিকাৰ সমূহ সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

অসম চৰকাৰে ৪০/৪৫ জনীয়া সদস্যৰে নতুন কৈ উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্তক আদৰণি জনাই উক্ত পৰিষদত অধিক পুঁজি প্ৰদান কৰি আক্ৰাছুৰ দ্বাৰা গঠন কৰাৰ বাবেও দাবী জনাই ৷ কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ সন্দৰ্ভত অনুষ্ঠিত এক আলোচনাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলক ভৈয়াম জনজাতীৰ সাংবিধানিক মৰ্য্যাদা প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিছে বুলি কোৱা কথাৰ উল্লেখ কৰি সংগঠনটোৱে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ৷ উক্ত সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে জনাই যে, কম সময়ৰ ভিতৰতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ বিষয় লৈ তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব । সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়, সভাপতি অৰুণ ৰায়,সাধাৰণ সম্পাদক গোকুল বৰ্মন,মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ সহ চিলাৰায় সেনাৰ নেতৃত্বও উপস্থিত থাকে ।

লগতে পঢ়ক:আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ ঘৰত CID ৰ অভিযান

ABOUT THE AUTHOR

...view details