অসম

assam

ETV Bharat / state

চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা

চিৰাঙত অসম জাতীয় পৰিষদৰ সংবাদমেল । লুৰিণ জ্যোতি গগৈক আক্ৰমনৰ ঘটনাক গৰিহণা ।

By

Published : Mar 2, 2021, 11:01 PM IST

চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা
চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা

চিৰাং, 2 মাৰ্চ :চিৰাঙৰ বিজনীত অসম জাতীয় পৰিষদৰ চিৰাং জিলা কমিটিৰ সংবাদমেল ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ গাড়ীত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা কাৰ্যৰ গৰিহণা দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে ৷

চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা

বিজনীস্থিত জিলা কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত বিজেপিয়ে অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ পৰা বুলি মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত যাক যেনেকৈ পাৰে তেনেকৈ আক্ৰমণ কৰিবলৈ লৈছে বুলি সংবাদমেলত এজেপিৰ জিলা সভাপতি খলিলুৰ ৰহমানে অভিযোগ উত্থাপন কৰে ৷ এইক্ষেত্ৰত এজেপিৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে জিলা কমিটিৰ তৰফৰ পৰা বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি আক্ৰমণত জড়িত দোষী ব্যক্তিক বিচাৰি উলিয়াই যথা বিহিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰা হৈছে বুলি ব্যক্ত কৰে ৷

লগতে পঢ়ক :বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

ABOUT THE AUTHOR

...view details