অসম

assam

ETV Bharat / state

বিজনীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপম কুমাৰ দাস

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান বাকী । নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে অসম জাতীয় পৰিষদৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে । বিপিএফ আৰু বিজেপিৰ প্ৰাৰ্থী তেওঁৰ বাবে প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে ।

By

Published : Mar 17, 2021, 2:26 PM IST

বিজনীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপম কুমাৰ দাস
বিজনীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপম কুমাৰ দাস

চিৰাং, ১৭ মাৰ্চ: ৰাজ্যৰ আন আন ঠাইৰ সমান্তৰালকৈ চিৰাঙৰ বিজনীতো নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে নিৰ্বাচনী প্ৰস্তুতি চলাইছে । ৩৩ নং বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে সমষ্টিবাসীৰ মাজত প্ৰচাৰ চলাইছে । এইবাৰ চিৰাঙত পৰিৱৰ্তন আহিব বুলি দাবী কৰি তেওঁ কয় যে, ৰাইজৰ পৰা তেওঁ যথেষ্ট সঁহাৰি লাভ কৰিছে ।

বিজনীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপম কুমাৰ দাস

বিজেপি আৰু বি পি এফৰ প্ৰাৰ্থী তেওঁৰ বাবে প্ৰত্যাহ্বান নহয় বুলি স্পষ্ট কৰি দিয়ে । ৰূপম কুমাৰ দাসে কয় যে, বিজেপিৰ মিছা প্ৰতিশ্ৰুতিৰ বিষয়ে চিৰাং তথা অসমৰ ৰাইজ অৱগত । পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা কৰি এতিয়া এলাগী হোৱা বি পি এফৰ প্ৰতিও ৰাইজৰ আস্থা নাই বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে, বিজনী সমষ্টিত শাসকীয় ইউপিপিএল আৰু বিজেপি দলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বি পি এফ দলৰ কলম সিং নাৰ্জাৰীকো প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । এই তিনিওজন প্ৰাৰ্থীক পিছ পেলাই আগবাঢ়ি যোৱাৰ লক্ষ্যৰে দিনে-নিশাই প্ৰচাৰ অভিযান চলাইছে ৰূপম কুমাৰ দাসে । অসমীয়া মুৰ্দাবাদ ধ্বনি দিয়া লোকক সমষ্টিটোত বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বুলিও অভিযোগ তোলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে ।

লগতে পঢ়ক:বিজনীত ৪ৰ্থ বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰিলে কমল সিং নাৰ্জাৰীয়ে

ABOUT THE AUTHOR

...view details