অসম

assam

ETV Bharat / state

বিজনীত ৰূপম কুমাৰ দাসৰ হৈ প্ৰচাৰ চলালে জগদীশ ভূঞাই - assam election 2021

চিৰাঙৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সুপাৰীগুৰীত শনিবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা । সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত অনুষ্ঠিত হয় এই সভা। সভাত জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে ৷

বিজনীত ৰূপম কুমাৰ দাসৰ হৈৱ প্ৰচাৰ চলালে জগদীশ ভূঞাই
বিজনীত ৰূপম কুমাৰ দাসৰ হৈৱ প্ৰচাৰ চলালে জগদীশ ভূঞাই

By

Published : Apr 3, 2021, 10:53 PM IST

চিৰাং, 3 এপ্ৰিল :চিৰাঙৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সুপাৰীগুৰীত শনিবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা । সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত অনুষ্ঠিত হয় এই সভাখন ।

সভাত জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে ৷ সভাত তেওঁ কয়, কোনো দল বা ব্যক্তি সৰ্বকালৰ বাবে সৰ্বশক্তিমান হ'ব নোৱাৰে ৷ সকলোৰে এটা সীমা থাকে । কিছুমান ৰাজনৈতিক নেতাই ক্ষমতা পাই উন্মাদ আচৰণ কৰে ৷ তেওঁলোকে পাহৰি যায় ক্ষমতা জনসাধাৰণৰ অনুগ্ৰহত পোৱা এটা শক্তি ৷ যিকোনো মুহুৰ্তত জনসাধাৰণে ইয়াক কাঢ়ি আজুৰিযে আনিব পাৰে, সেই কথা পাহৰি যায় আৰু জনসাধাৰণক তুচ্ছ তাচ্ছিল্য কৰে বুলি মন্তব্য প্ৰকাশ কৰে ভূঞাই ৷ অসমত এইবাৰ অসমীয়াৰ স্বাভিমান থকা চৰকাৰ হ'ব বুলিও জগদীশ ভূঞাই মন্তব্য কৰে ।

বিজনীত ৰূপম কুমাৰ দাসৰ হৈ প্ৰচাৰ চলালে জগদীশ ভূঞাই

উল্লেখ্য যে, এই সভাত অজাপৰ কেন্দ্ৰীয় সংখ্যালঘু শক্তিৰ সভাপতি জিয়াবুৰ ৰহমান খান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিপুল পাঠক, খলিলুৰ ৰহমান, কল্যানী ৰায় আদি সকল উপস্থিত থাকে ৷

লগতে পঢ়ক:আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details