বঙাইগাঁও, 18মাৰ্চ: বঙাইগাঁৱত নতুন সমীকৰণেৰে আগবঢ়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জিলা সমিতিয়ে বুধবাৰে এক যৌথ সংবাদ মেলৰ আয়োজন কৰে । বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এই সংবাদ মেলত আগন্তুক নিৰ্বাচনত কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কত সংবাদমেলখনত অৱগত কৰে ৷
ৰাইজৰ দলৰ জিলা সভাপতি দীপক দাস আৰু অসম জাতীয় পৰিষদৰ জিলা সভাপতি কুসুম্বৰ ৰায়ে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী দীপু চৌধুৰীক বঙাইগাঁও বিধান সভা সমষ্টিত জয়ী কৰিবলৈ ৰণ কৌশল প্ৰস্তুত কৰাৰ লগতে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে দীপু চৌধুৰীক আকোৱালি ল’ব বুলি প্ৰকাশ কৰে ।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ যৌথ সংবাদমেল নেতাদ্বয়ে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে কেবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত দীপু চৌধুৰীয়ে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব । অসম গণ পৰিষদৰ জিলা সভাপতি তথা জ্যেষ্ঠ নেতা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বিগত ৩৫ টা বছৰত কাম কৰিলে যদিও বিশেষ একো উন্নয়ন নহ’ল বুলি উল্লেখ কৰে । বঙাইগাঁৱত বিকল্প শক্তি হিচাপে বঙাইগাঁও পৌৰসভাৰ দুটাকৈ কাৰ্যকালৰ সভাপতি দীপু চৌধুৰীক ৰাইজে বিচাৰিছে বুলিও নেতাদ্বয়ে দাবী কৰে ।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ যৌথ সংবাদমেল এই সংবাদ মেলত ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি হীৰকজ্যোতি বৰ্মন, সম্পাদক নীলমণি কলিতা, সাংগঠনিক সম্পাদক ৰাজীৱ দাস, টাউন মণ্ডলৰ সভাপতি বাপন দাস উপস্থিত থাকে ।
লগতে পঢ়ক:গোৱালপাৰাত অগপ প্ৰাৰ্থী জ্যোতিষ দাসে দাখিল কৰিলে মনোনয়ন