চিৰাং,9 জুন :চিৰাঙৰ আই নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে চিদলী বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদাৰপুৰ, ডাবাবিল, নাথুৰবাৰীকে আদি কৰি বহু কেইখন গাঁৱৰ পথ ভাঙি যোৱাৰ লগতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে কেইবাখনো দলং ৷
উল্লেখ্য যে, আই নদীৰ বাঢ়নী পানীয়ে মাদাৰপুৰৰ এটা মূল পথ ভাঙি পেলোৱাৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ স্থানীয় লোকে বিগত বছৰ কেইটাত আই নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাই আহিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷