অসম

assam

By

Published : Feb 19, 2020, 10:21 PM IST

ETV Bharat / state

বিটিচি নিৰ্বাচন : 15টা সমষ্টিতে প্ৰাৰ্থী দিব এআইইউডিএফে

সমাগত বিটিচি নিৰ্বাচন ৷ ইতিমধ্যেই বিটিচি নিৰ্বাচনক লৈ গৰম ৰাজনীতিৰ বতাহ বলিছে বিটিআৰত ৷ অন্যান্য দলৰ লগতে বিটিচিৰ নিৰ্বাচনত 15টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিব এআইইউডিএফে ৷ চিৰাঙত অনুষ্ঠিত এক সভাত এই মন্তব্য কৰে দলটোৰ সম্পাদক আমিনুল ইচলামে ৷

Ahead of BTC election AIUDF meeting held in Chirang
15টা সমষ্টিতে প্ৰাৰ্থী দিব এআইইউডিএফে

চিৰাং, 19 ফেব্ৰুৱাৰী :সমাগত বিটিচি নিৰ্বাচন ৷ ইতিমধ্যেই বিটিচি নিৰ্বাচনক লৈ বিটিআৰত গৰম ৰাজনৈতিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰতাও বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ নিৰ্বাচনক লৈ চিৰাং জিলাৰ বিজনীৰ আলুখুন্দা মানাহ ভেলী জুনিয়ৰ কলেজত এআইইউডিএফৰ এখন দলীয় কৰ্মশালা অনুষ্ঠিত হয় ৷

এই কৰ্মশালাত উপস্থিত থাকে এআইইউডিএফৰ বহুকেইগৰাকী শীৰ্ষ নেতা ৷ পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমী, ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰিপুৰৰ বিধায়ক নিজানুৰ ৰহমানসহ এআইইউডিএফৰ সম্পাদক আমিনুল ইচলাম, কৰিমুদ্দিন বৰভূঞা, বাহাৰুল ইচলাম নাগৰি, ছামাদ চৌধুৰী এই কৰ্মশালাত উপস্থিত থাকে ৷ বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপি দলৰ সৈতে বুজাবুজি কৰি মুঠ 8খন আসনত প্ৰতিদ্বন্দিতা কৰি 4 খন আসনত জয়লাভ কৰিছিল দলটোৱে ৷

বিটিচি নিৰ্বাচন : 15টা সমষ্টিতে প্ৰাৰ্থী দিব এআইইউডিএফে

আগন্তুক নিৰ্বাচনৰ বাবেও বিজেপি বিৰোধী যিকোনো দলৰ সৈতে মিত্ৰতাৰ আগ্ৰহ প্ৰকাশ কৰে এআইডিইউএফে ৷ অধিবক্তা বাছেৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমিনুল ইচলামে আগন্তুক পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিটিআৰ হোৱাৰ পিচতে বড়ো ভাইসকলে হাগ্ৰামাক নিবিচৰা হৈছে ৷ সেয়ে বিভিন্ন স্থানত হাগ্ৰামাই বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে ৷ আগন্তুক নিৰ্বাচনত এআইইউডিএফ দলে 15 খন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও মন্তব্য কৰে আমিনুল ইচলামে ৷

ABOUT THE AUTHOR

...view details