অসম

assam

ETV Bharat / state

গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে ! - চিৰাং

অসমীয়া সমাজ গঠনৰ ভিন্ন ক্ষেত্ৰত গোৰ্খাসকলৰ বিশেষ অৱদান আছে । এন আৰ চি আৰু ডি ভোটাৰৰ নামত গোৰ্খাসকল হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ চিৰাঙৰ এক অনুষ্ঠানত এই মন্তব্য আগছুৰ সভাপতি প্ৰেম তামাঙৰ ৷

গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে

By

Published : Jul 27, 2019, 1:15 PM IST

চিৰাং, 27 জুলাই :গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে । অসমীয়া সমাজ গঠনৰ ভিন্ন ক্ষেত্ৰত গোৰ্খাসকলৰ বিশেষ অৱদান আছে । এই দাবী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ সভাপতি প্ৰেম তামাঙৰ ৷ চিৰাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত এনেদৰে কয় সভাপতিগৰাকীয়ে ৷ লগতে বিগত সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰাৰ লগতে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো লগ কৰি গোৰ্খাসকলৰ ভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰে সভাপতিগৰাকীয়ে ৷ অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত এই চুক্তি ৰূপায়ণৰ পূৰ্বে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সৈতে আলোচনা মৰ্মেহে কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আগত উল্লেখ কৰে বুলি জানিব দিয়ে সভাপতিগৰাকীয়ে ৷ আনহাতে, খিলঞ্জীয়াৰ বাবে সুকীয়া এশ শতাংশই আসন সংৰক্ষণ হ'ব লাগে আৰু তাত অসমৰ গোৰ্খাসকলৰো নাম অন্তৰ্ভুক্তি হ'ব লাগে বুলিও তেঁও দোহাৰে । এয়া গোৰ্খাসকলৰ ন্যায্য আৰু প্ৰাপ্য দাবী বুলি উল্লেখ গোৰ্খা সভাপতিগৰাকীৰ । লগতে এন আৰ চি আৰু ডি ভোটাৰৰ নামত গোৰ্খাসকলক হাৰাশাস্তিৰ অভিযোগ তোলে সভাপতিগৰাকীয়ে । এই হাৰাশাস্তিৰ চৰম সীমা পাৰ হ'লে আন্দোলনৰ হুংকাৰ দিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ।

গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে

ABOUT THE AUTHOR

...view details