অসম

assam

By

Published : Sep 26, 2020, 9:20 PM IST

ETV Bharat / state

ৰাজ্যপালৰ শাসন শেষ হোৱাৰ পূৰ্বেই BTC নিৰ্বাচন অনুষ্ঠিত কৰক: অগপ

ৰাজ্যপাল শাসনৰ ম্যাদ অন্ত পৰাৰ পূৰ্বেই BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই চিৰাঙৰ বাসুগাঁওত অসম গণ পৰিষদৰ সংবাদমেল ৷

AGP Press meet
চিৰাঙত অগপৰ সংবাদমেল

চিৰাং, 26 ছেপ্তেম্বৰ: শনিবাৰে চিৰাঙৰ বাসুগাঁওত অসম গণ পৰিষদে এক সংবাদমেল সম্বোধন কৰি BTC নিৰ্বাচন সংক্ৰান্তীয় কিছু বিষয়ত মন্তব্য প্ৰদান কৰে ৷

এই সংবাদমেল যোগে অগপৰ পৰিষদীয় নিৰ্বাচনৰ আহ্বায়ক ৰহেন ৰায়, কোকৰাঝাৰ জিলা অগপৰ সভাপতি জাকিৰ হুচেইন, চিৰাং জিলা অগপৰ সম্পাদক হৰেন্দ্ৰ দাসে কয় যে, ‘‘পৰিষদীয় নিৰ্বাচন পতাৰ ক্ষেত্ৰত ক’ভিডক ঢাল হিচাপে লৈ এই নিৰ্বাচনক এক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া হৈছে । যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ আহিছে, সেয়েহে ৰাজ্যপালৰ শাসন অন্ত হোৱাৰ পূৰ্বেই BTC নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । যেনেদৰে ক’ভিডৰ পৰা ৰাইজক ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব, ঠিক তেনেদৰে গণতান্ত্ৰিক চৰকাৰ গঠন কৰাও চৰকাৰৰ দায়িত্ব । সেয়ে ৰাজ্যপালৰ শাসন শেষ নহওঁতেই অতি সোনকালে পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে’’ ৷

ইয়াৰোপৰি সংবাদমেলত অগপ নেতৃত্বই কয় যে, ‘‘যিহেতু ক’ভিডৰ নীতি-নিয়ম মানি চলি বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ হৈছে, গতিকে নিৰ্বাচনো অনুষ্ঠিত কৰিব পাৰে ৷ দীৰ্ঘদিন নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাত কোনো উন্নয়নমূলক কাম-কাজ হোৱা নাই । BTCত অসম চৰকাৰে কোনো নতুন আঁচনিৰ কাম কৰা নাই । সেয়েহে ৰাজ্যপালৰ শাসনৰ সময় বৃদ্ধি নকৰি কম দিনৰ ভিতৰতে BTC নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে’’ ৷

লগতে পঢ়ক:অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

ABOUT THE AUTHOR

...view details