চিৰাং,11 জুন :চিৰাঙত শুকুৰবাৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাছি (syedain abbasi) উপস্থিত হৈ এখন পৰ্যালোচনা সভাত মিলিত হয় ৷ বিটিআৰ(BTR)ৰ চাৰিখন জিলাত জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত বৈঠকত মিলিত হয় অতিৰিক্ত মুখ্য সচিবগৰাকী ৷
সভাত আঁচনিসমূহ ৰূপায়ণত চৰকাৰী নীতি-নিৰ্দেশনাৰ ওপৰতো আলোচনা কৰা হয় । অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে সভাত উপস্থিত থকা বিষয়ববীয়াসকলক আহ্বান জনাই কয় যে, নিৰ্দিষ্ট সময়ত আঁচনি ৰূপায়ণৰ বাবে যাতে সময়মতে গ্ৰামাঞ্চলৰ জনতাই ঘৰে ঘৰে পানী লাভ কৰিবলৈ সক্ষম হয় ৷ জলসম্পদ বিভাগৰে হোৱা আন এক সভাতো অংশগ্ৰহণ কৰে অতিৰিক্ত মুখ্য সচিব আব্বাছিয়ে ৷ উক্ত সভাত বিটিআৰৰ সাম্ভাব্য বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷